Flood washed away a culvert:নাৰায়ণপুৰৰ শিমলুগুৰিত ভঙা কালভাৰ্টে জ্বলা-কলা খুৱাইছে ৰাইজক

By

Published : Jul 6, 2023, 5:58 PM IST

thumbnail

বিহপুৰীয়া, 6 জুলাই : লখিমপুৰ জিলাৰ নাৰায়ণপুৰত বানে উটুৱাই নিলে এটি পথৰ ওপৰত থকা কালভাৰ্ট ৷ যাৰ বাবে পথচাৰীয়ে এতিয়া দূৰ্ভোগ ভুগিবলগীয়া হৈছে  ৷ শিমলুগুৰিৰ পৰা নতুন দাধৰা হৈ পানীগাঁও সংযোগী পথৰ ওপৰত থকা এটি কালভাৰ্টৰ দুয়োটা মূৰ অলপতে হোৱা প্ৰলয়ংকাৰী বানে উটুৱাই নিয়ে  ৷ ফলত অঞ্চলটোৰ সৈতে আন ঠাইৰ যোগাযোগ বিচ্ছিন্ন হৈ আছে ৷

কালভাৰ্টটো তললৈ বহি যোৱাৰ লগতে দুয়োটা পাৰ পানীয়ে খহাই দিয়াত জীয়াতু ভূগিছে ৰাইজে ৷ গাড়ী, মটৰ চাইকেল, চাইকেলটো দূৰৈৰ কথা খোজকাঢ়ি যাবলৈও ব্যৱস্থা নাই  ৷ ৰাইজে অতি সোনকালে কালভাৰ্টটো বিজ্ঞানসন্মতভাবে নিৰ্মাণ কৰি বিভাগীয় কৰ্তৃপক্ষক যাতায়াত ব্যৱস্থা সুচল কৰি তুলিবৰ বাবে আহ্বান জনাইছে ৷ অন্যথা ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

উল্লেখ্য যে, স্থানীয় বিধায়ক অমিয় কুমাৰ ভূঞাই ৯ এপ্ৰিলত উল্লেখিত পথছোৱাৰ লগতে কালভাৰ্ট নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল যদিও আজি পৰ্যন্ত ঠিকাদাৰক দেখা পোৱা নাই ৰাইজে  ৷ যাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ৷

লগতে পঢ়ক : Assam Flood 2023: পথাৰত কৃষকৰ বিননি, একঁকাল পানীৰ মাজৰ পৰা বুটলিছে সোণগুটি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.