Power crisis in Bihpuria:বিহপুৰীয়াত বিদ্যুতৰ লুকাভাকুত অতিষ্ঠ ৰাইজৰ মাজনিশা প্ৰতিবাদ

By

Published : Aug 19, 2023, 1:45 PM IST

thumbnail

বিহপুৰীয়া, ১৯ আগষ্ট: বুমেৰাং হ'ল অসম চৰকাৰৰ ২৪ ঘন্টাই বিদ্যুত যোগানৰ শ্ল'গান । বিহপুৰীয়াত বিদ্যুতৰ সঘন লুকাভাকুত অতিষ্ঠ হৈ মাজনিশা ৰাজপথলৈ ওলাই আহিল ৰাইজ । উৎকত গৰমত ঘন্টাৰ পিছত ঘন্টা ধৰি বিদ্যুত যোগান ব্যাহত হোৱাত শুকুৰবাৰে নিশা অতিষ্ঠ হৈ পৰা অঞ্চলটোৰ একাংশ পুৰুষ-মহিলা ৰাজপথলৈ ওলাই আহি ভোটা জ্বলাই বিদ্যুত বিভাগ হায় হায়, এ পি ডি চি এল হায় হায়, শক্তি মন্ত্ৰী গ' বেক, বিজেপি চৰকাৰ গ' বেক আদি বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰীসকলে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পদত্যাগৰ দাবী জনাই ক্ষোভেৰে কয় যে তেওঁ এচি ৰুমতেই বহি থাকক । ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই  চৰকাৰ চলাব নোৱাৰে বুলি উল্লেখ কৰি তেওঁৰ পদত্যাগৰ দাবী জনায় ।

লগতে পঢ়ক:Naga peace dialogue resumes : ২১ আগষ্টত কেন্দ্ৰৰ সৈতে বৈঠক; আজি নতুন দিল্লীত উপস্থিত হ’ব NSCN ৰ ৭ জনীয়া দল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.