Poor road condition in Moran:মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে ক্ষোভ

By

Published : Jul 12, 2023, 7:10 PM IST

thumbnail

ডিব্ৰুগড়, 12 জুলাই : মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে হায় হায় শ্ল’গানেৰে উত্তাল প্ৰতিবাদ ৷ নিৰ্বাচনৰ পূৰ্বে পথ নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ ৷ স্থানীয় ৰাইজে বন্ধ কৰিলে ৰাস্তা ৷ এই প্ৰতিবাদৰ ঘটনা সংঘটিত হৈছে মৰাণ সমষ্টিৰ কোটোহা গাঁও পঞ্চায়তৰ অন্তৰ্গত চুবুৰীত ৷

মৰাণ সমষ্টিৰ কোটোহা গাঁও পঞ্চায়তৰ অন্তৰ্গত পুৰণি বলাইৰ লাপিটি আৰু লালুকা চুবুৰীৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰা যমৰ যাতনা ভুগি অহাত উপায়বিহীন হৈ পথটোত বাঁহ বান্ধি বন্ধ কৰি দিয়ে ৷ ক্ষোভিত ৰাইজে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে হায় হায় শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ৰাইজৰ অভিযোগ অনুসৰি, জনপ্ৰতিনিধিগৰাকীক বহু আবেদন-নিবেদন কৰাৰ পাচতো পথটোৰ উন্নয়নত গুৰুত্ব প্ৰদান নকৰাত এতিয়া বিশেষকৈ বাৰিষাৰ সময়ত একাঁঠু পৰ্যন্ত বোকাময় হৈ পৰাত ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ অহা-যোৱা কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে ।

সাধাৰণ ৰাইজৰ লগতে জীয়াতু ভূগিছে ৰোগীসকলে ৷ ৰাস্তাৰ দুৰৱস্থাৰ বাবে ৰোগীসকলক সাঙী ভাৰ কৰি নিবলগীয়া হয় । তাৰেই পৰিপ্ৰেক্ষিত স্থানীয় ৰাইজসকল ক্ষোভিত হৈ প্ৰতিবাদমুখৰ হৈ পৰিছে । আগন্তক নিৰ্বাচনৰ পূৰ্বে উক্ত পথছোৱা নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে ৰাইজে ।

লগতে পঢ়ক : Poor Road in Moran:মৰাণৰ শেনচোৱা পুখুৰী-শিলপুতা সংযোগী পথ মৰণফান্দলৈ পৰিণত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.