জুৰীয়াত নিৰ্মাণৰ পিচতেই বখলা-বখলে এৰিছে পকী পথ,ৰাইজে বন্ধ কৰিলে নিৰ্মাণ

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 5:24 PM IST

thumbnail

চামগুৰি, ১ ডিচেম্বৰ: জুৰীয়াত পথ নিৰ্মাণত অনিয়ম সংঘটিত হোৱাত লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে ৰাইজে সাব্য়স্ত কৰিলে প্ৰতিবাদ । পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ তুলি ৰাইজে বন্ধ কৰিলে পথৰ কাম । নগাঁও জিলাৰ জুৰীয়াৰ দগাঁও এৰাবাৰীৰ পৰা ধিং গাঁৱলৈ যোৱা লোক নিৰ্মাণ বিভাগৰ ৩,৫ কিলোমিটাৰ ৰাস্তা পকী কৰাত লোক নিৰ্মাণ বিভাগ আৰু ঠিকাদাৰে অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

আজি স্থানীয় শতাধিক ক্ষুব্ধ ৰাইজে লোক নিৰ্মাণ বিভাগে বিসংগতিৰে পকী পথ নিৰ্মাণ কৰাত বাধা প্ৰদান কৰে । ৰাইজৰ চকুত ধূলিমাৰি পথ নিৰ্মাণ কৰাত বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । প্ৰাককলন মতে, কাম নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । ৰাইজে পথ নিৰ্মাণত বিসংগতি হৈ থকাৰ অভিযোগ তুলি লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । 

লগতে পঢ়ক:নাৰায়ণপুৰত বিশুদ্ধ পানীৰ বটলত ওলাল শেলাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.