Hunger strike at Manikpur: উপ-জিলাৰ দাবীত মাণিকপুৰত ৰাইজৰ অনশন কাৰ্যসূচী

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 5:12 PM IST

thumbnail

বঙাইগাঁও, 2 অক্টোবৰ : বঙাইগাঁও জিলাৰ মাণিকপুৰক উপ-জিলা ঘোষণা কৰাৰ দাবীত সোমবাৰে মাণিকপুৰবাসীয়ে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদস্বৰূপে দিনৰ 11 বজাৰপৰা অনশন কাৰ্যসূচী ৰূপায়ন কৰে প্ৰতিবাদকাৰীসকলে ৷ আনহাতে প্ৰতিবাদস্থলীত মাণিকপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উপস্থিত হৈ প্ৰতিবাদকাৰীৰ পৰা এখন স্মাৰক পত্ৰ গ্ৰহণ কৰে ।

ইফালে মাণিকপুৰক উপ-জিলা হিচাপে ঘোষণা নকৰা পৰ্যন্ত প্ৰতিবাদকাৰীসকলে গণতান্ত্ৰিক আন্দোলন চলাই যোৱাৰ হুংকাৰ দিয়ে । মাণিকপুৰ উপ-জিলা দাবী সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা অনশন কাৰ্যসূচীত কেইবা শতাধিক পুৰুষ-মহিলাই অংশ গ্ৰহণ কৰে । চৰকাৰে মাণিকপুৰক মহকুমা ঘোষণা কৰাৰ পিচত পুনৰ বিলুপ্ত কৰাত মাণিকপুৰ সমষ্টি গঠনৰ পৰা বঞ্চিত হৈছে ৷ যদিহে আমাৰ মানি নলয় তেতিয়া হলে অধিক তীব্ৰতৰ কৰা হ’ব প্ৰতিবাদ ৷ এই হুংকাৰ ৰাইজৰ ৷ 

লগতে পঢ়ক :Manikpur Protest Demand of Sub District :মাণিকপুৰ উপ জিলা গঠনৰ দাবী,প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.