Fake gold seized: ১৩ খন নকল সোণৰ নাওসহ আটক সৰবৰাহকাৰী

By

Published : May 27, 2023, 8:44 PM IST

thumbnail

বিহপুৰীয়া, 27 মে’: নকল সোণৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ কঠোৰ অভিযান চলি থকাৰ মাজতো এতিয়াও একাংশ অসাধু লোকে অব্যাহত ৰাখিছে নকল সোণৰ সৰবাৰহৰ প্ৰচেষ্টা ৷ এইবাৰ ৰাইজে খেদি খেদি আটক কৰিলে নকল সোণসহ এটা সৰবৰাহকাৰীক (Public Caught Fake Gold Smuggler at Bongalmora) ৷

লখিমপুৰ জিলাৰ বঙালমৰাত ৰাইজে খেদি খেদি আটক কৰিলে নকল সোণসহ সৰবৰাহকাৰীটোক  ৷ এখন বলেৰ' পিকআপ গাড়ীত, এটা বস্তুাত ভৰাই মঙলদৈলৈ নিয়াৰ চেষ্টা কৰিছিল নকল সোণৰ নাও আৰু নকল সোণৰ টুকুৰা (Public Caught Fake Gold Smuggler)  ৷ 

ডিজুৰ পৰা আশ্ৰাফুল আলি নামৰ সৰবৰাহকাৰীটোৱে আনিছিল এই বৃহৎ পৰিমাণৰ নকল সোণখিনি (Fake gold seized  at Bongalmora in Lakhimpur) ৷ সৰবৰাহকাৰীটোৰ পৰা ১৩ খন নকল সোণৰ নাও আৰু ৬ টা নকল সোণৰ টুকুৰা আৰক্ষীয়ে ৰাইজৰ সহযোগত জব্দ কৰিবলৈ সক্ষম হয় (Fake gold seized) ৷

লগতে পঢ়ক: Fake gold seized: ডবকাত নকল সোণসহ আটক 3 সৰবৰাহকাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.