Protest in Narayanpur: পথ মেৰামতিৰ দাবীত প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 6:13 PM IST

thumbnail

বিহপুৰীয়া,২৪ আগষ্ট: লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বঠাখানা গাঁৱৰ ৰাইজৰ দুখ-দুৰ্দশাৰ যেন কেতিয়াও অন্তই নপৰিব ৷ সম্প্ৰতি পথটো নিৰ্মাণ নকৰাত জ্বলা-কলা খাইছে অঞ্চলটোৰ ৰাইজে ৷ জামুগুৰিৰ পৰা বঠাখানা হৈ ভেলাইমৰা সংযোগী গুৰুত্বপূৰ্ণ পথটিয়ে ৰাইজক দীৰ্ঘদিন ধৰি জ্বলা-কলা খুৱাই আহিছে ৷ এতিয়া এই বাৰিষা কালত পথটি বোকা পানীৰে ভৰি পৰাত ৰাইজে মৰণত শৰণ দি যাতায়াত অব্যাহত ৰাখিছে ৷  

বৃহস্পতিবাৰে পথ নিৰ্মাণৰ দাবীত পথটিলৈ গাঁৱৰ ৰাইজ ওলাই আহি পথৰ ওপৰতে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ উল্লেখিত পথটোৰ জৰাজীৰ্ণ ৰূপৰ বাবে ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ লগতে স্থানীয় ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে ৷ সেয়ে প্ৰতিবাদকাৰীসকলে শীঘ্ৰে পথ নিৰ্মাণ কৰক, ৰাইজৰ সমস্যা সমাধান কৰক, বিজেপি হাই হাই, বিধায়ক অমিয় ভূঞা গ'বেক আদি বিভিন্ন শ্ল'গানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷  

পথচোৱা অতি শীঘ্ৰে মেৰামতি নকৰিলে অনাগত দিনত ভোট প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে গাঁৱখনৰ ৰাইজে ৷ ৰাইজৰ অভিযোগ, বিগত সময়ত জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষক পথটি নিৰ্মাণ কৰিবলৈ বাৰম্বাৰ আবেদন-নিবেদন জনাই আহিছে যদিও আজি পৰ্যন্ত কোনো সুফল নাপালে ৷ সেয়ে ৰাইজে অসমৰ মুখ্যমন্ত্ৰীক উক্ত গাঁওখনৰ পথচোৱা নিৰ্মাণ কৰি দিবলৈ কাতৰ আহ্বান জনায় । 

লগতে পঢ়ক: CM visits Late Deben Dutta's Residence: বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী দেৱেন দত্তৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.