Protest against ONGC: সোণাৰিৰ নাফুকত ONGC ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৰাইজৰ

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 10:35 PM IST

thumbnail

মৰাণ, ১ নবেম্বৰ: অইল ইণ্ডিয়া আৰু অ.এন.জি.চিয়ে তৈলক্ষেত্ৰ সমূহৰ দাঁতিকাষৰীয়া অঞ্চলৰ উন্নয়নৰ বাবে বিভিন্ন ধৰণেৰে কাম কৰি আহিছে যদিও বহু সময়ত ৰাইজক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হয় । এইবাৰ সোণাৰিৰ নাফুকত ৰাইজক অ’এনজিচিয়ে প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে । ৰাইজে জানিবলৈ দিয়া অনুসৰি চৰাইদেউ জিলাৰ সোণাৰিৰ চফ্ৰাই বৰপথাৰ গাঁৱত ২০১৭ চনতে অ’এনজিচিয়ে তৈলখাদৰ খনন আৰু উৎপাদনৰ কাম আৰম্ভ কৰিছিল । যিহেতু সেই খননস্থলীলৈ যাবৰ বাবে নাফুক আদৰ্শ গাঁৱৰ একমাত্ৰ পথটিৰ প্ৰায় চাৰি কিলোমিটাৰ পথ ব্যৱহাৰ কৰি আহিছে, ONGC ৰ গধুৰ গধুৰ বাহন সমূহ অহা যোৱা কৰাৰ ফলত পথচোৱা ঠায়ে ঠায়ে বিধ্বস্ত হৈ পৰিছে ৷ ONGCক এই বিষয়ে অৱগত কৰাত তেওঁলোকৰ দায়িত্ববাহী বিষয়াই গাঁওখনৰ সকলো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে যদিও আজি ৭ বছৰ উকলি যোৱাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ । ইয়াৰ  পাছতে বুধবাৰে নাফুক সন্মিলিত যুৱ মঞ্চ আৰু স্থানীয় ৰাইজে ONGCৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ কৰি অনিৰ্দিষ্টকালীন পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে । 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.