Israel Hamas war: ৰঙিয়াত পেলেষ্টাইন-ইজৰাইল যুদ্ধৰ বিৰুদ্ধে প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 8:19 PM IST

thumbnail

ৰঙিয়া,১ নৱেম্বৰ: ৰঙিয়াত পেলেষ্টাইন-ইজৰাইল যুদ্ধৰ বিৰুদ্ধে প্ৰতিবাদ । এচ এফ আই, চিটু, ডিৱাইএফআইৰ লগতে কেইবাটাও বাওঁ সংগঠনে সাব্যস্ত কৰে এই প্ৰতিবাদ । যুদ্ধ বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি পালন কৰে পেলেষ্টাইন সংহতি দিৱস । ৰঙিয়া চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত এই সংহতি দিৱস পালন কৰে সংগঠনকেইটাই । চি পি আই এম কে ধৰি কেইবাটাও দল-সংগঠনৰ কৰ্মীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।  

হামাচ ইজৰাইল যুদ্ধ বন্ধ কৰক, বৰ্বৰতা বন্ধ কৰক, পেলেষ্টাইন ৰাষ্ট্ৰ গঠন কৰক আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰে প্ৰতিবাদকাৰীসকলে । দল সংগঠনসমূহে মূলত তিনিটা দাবীক লৈ হামাচ ইজৰাইল যুদ্ধ বন্ধ কৰা, পেলেষ্টাইনত ইজৰাইলী বর্বৰতা বন্ধ কৰি শান্তি প্ৰতিষ্ঠা কৰা আৰু ৰাষ্ট্ৰ সংঘৰ প্ৰস্তাৱ অনুযায়ী স্বাধীন সাৰ্বভৌম পেলেষ্টাইন ৰাষ্ট্ৰ গঠন কৰিবলৈ সংগঠনকেইটাই দাবী জনায় । কাৰ্যসূচীত দলসমূহৰ কেইবাজনো নেতাই অংশগ্ৰহণ কৰা পৰলক্ষিত হয় ।  

লগতে পঢ়ক: Israel Hamas war: পেলেষ্টাইন-ইজৰাইলৰ যুদ্ধ অন্ত পেলোৱাৰ দাবীত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.