HSLC Question paper leak: মাজুলীত জ্বলিল শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি

By

Published : Mar 17, 2023, 2:11 PM IST

thumbnail

মাজুলী,১৭ মাৰ্চ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছতেই ১৮ মাৰ্চত অনুষ্ঠিত হ'বগলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছতেই বাতিল কৰা হয় অসমীয়া বিষয়ৰ পৰীক্ষাও(Assam HLSC paper leaked) । ইয়াৰ পিছতেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পৰীক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকলৰ মাজত(HSLC Exam Assamese Question Paper Leaked) ৷  

সমান্তৰালভাৱে জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠনেসমূহ । সদৌ অসম ছাত্ৰ সন্থাই শুকুৰবাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মাজুলীৰ বনগাঁও চাৰিআলিতো ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (Protest against HLSC paper leaked in Majuli) । পূব-মাজুলী আঞ্চলিক ছাত্র সন্থাই ৰনোজ পেগু, ছেবাৰ অধ্যক্ষৰ পুত্তলিকা দাহ কৰি শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ লগতে ছেবাৰ অধ্যক্ষৰ পদত্যাগৰ দাবী উত্থাপন কৰে ।  

ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰক, ৰনোজ পেগু গ'বেক আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে বনগাঁও চাৰিআলি । শীঘ্ৰেই এই সন্দৰ্ভত উচিত তদন্তৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে । 

লগতে পঢ়ক: Guinness Book of World records: বিশ্ব অভিলেখৰ বাবে সাজু নলবাৰীৰ ঢুলীয়া-নাচনি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.