Protest Against Eviction Notice: বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙ্গা বনাঞ্চলত চলিব উচ্ছেদ; প্ৰতিবাদমুখৰ হৈ পৰিছে অঞ্চলবাসী

By

Published : Jul 23, 2023, 11:39 AM IST

thumbnail

বাক্সা, 23 জুলাই : তামুলপুৰ মহকুমাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত থকা দৰঙ্গা বনাঞ্চলত অবৈধভাৱে বসবাস কৰা 210 ঘৰ লোকক উচ্ছেদৰ জাননী ৷ 15 দিনৰ ভিতৰত বনভূমিৰ পৰা আঁতৰি যোৱাৰ নিৰ্দেশ বন বিভাগৰ ৷ 22 জুলাইত এই 210 ঘৰ লোকক বন বিভাগৰ তৰফৰ পৰা পৰা জাৰি কৰা হৈছে জাননী ৷  

উচ্ছেদৰ জাননী লাভ কৰাৰ পিছতে প্ৰতিবাদমুখৰ হৈ পৰিছে অঞ্চলবাসী ৷ জাননী লাভ কৰাৰ পিছতে এবিএমছুৰ নেতৃত্বত প্ৰায় পাঁচ শতাধিক লোকে শনিবাৰে বিজেপি চৰকাৰ হায় হায়, প্ৰমোদ বড়ো চৰকাৰ মিছলীয়া, এই উচ্ছেদ মানি লোৱা নহ’ব, ইউ পি পি এল মূর্দাবাদ, জলেন দৈমাৰী মূর্দাবাদ আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেজ দিম মাটি আমি নিদিওঁ, ধাৰাবাহিক আন্দোলনৰ বাবে আমি সাজু বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷ 

কোনোপধ্যেই মাটি এৰি নিদিওঁ বুলি স্পষ্ট দিছে প্ৰতিবাদকাৰী সকলে ৷ উল্লেখযোগ্য যে, বিগত কেইবাবছৰৰ পৰা অবৈধভাৱে ভূমি দখল কৰি বসবাস কৰি অহাৰ অভিযোগ উঠিছে এই সকলক লোকৰ বিৰুদ্ধে ৷

লগতে পঢ়ক : Reserve close to IC: হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাক ৰিজাৰ্ভ ক্ল'জ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.