শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল লখিমপুৰ

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 7:00 PM IST

thumbnail

লখিমপুৰ,১৬ ডিচেম্বৰ: শনিবাৰে প্ৰতিবাদত উত্তাল হৈ পৰে লখিমপুৰৰ বগীনদী । শিক্ষার্থী, ৰাইজ তথা বিভিন্ন দল-সংগঠন ওলাই আহি চামিল হ'ল প্ৰতিবাদত । বগীনদী অঞ্চলৰ তিনিখনকৈ অসমীয়া মাধ্যমৰ বিদ্যালয় বড়ো শিক্ষা সঞ্চালকালয়ৰ অধীনলৈ নিব খোজা কাৰ্যৰ বিৰুদ্ধে অঞ্চলটোত এনেদৰে প্ৰতিবাদৰ জোৱাৰ উঠে । এফালে বিশাল ৰাজহুৱা সভা, আনফালে ছাত্ৰ-ছাত্ৰী, বিভিন্ন দল-সংগঠনৰ উত্তাল প্ৰতিবাদ ।  

অসমীয়া মাধ্যমৰ বিদ্যালয়ক বড়ো শিক্ষা সঞ্চালকালয়ৰ অধীনলৈ নিয়াৰ সিদ্ধান্তৰ বিৰূদ্ধে স্থানীয় ৰাইজ, বিদ্যালয় পৰিচালনা সমিতি, ছাত্ৰ-ছাত্ৰী আৰু আছু, AJYCP, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ । বড়ো মাধ্যম সংলগ্ন হৈ থকা লখিমপুৰ জিলাৰ তিনিখন উচ্চতৰ আৰু উচ্চ মাধ্যমিক বিদ্যালয়ক ৰাজ্যপালৰ নিৰ্দেশনাযোগে বড়ো শিক্ষা সঞ্চালকালয়ত অন্তৰ্ভূক্ত কৰাৰ শিক্ষা বিভাগৰ সিদ্ধান্তৰ বিৰূদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰে লখিমপুৰ ।  

লগতে পঢ়ক: অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.