সোণাৰিৰ পৰা পলায়ন দুধৰ্ষ অপৰাধী ৰাকেশ বৰা; প্ৰাণৰ শংকাত ভুগিছে নাজিম আহমেদৰ পৰিয়াল

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 4:55 PM IST

thumbnail

ডিব্ৰুগড়, ২৬ ডিচেম্বৰ : চৰাইদেউ সোণাৰিৰ পৰা পলায়ন দুধৰ্ষ অপৰাধী ৰাকেশ বৰা । শিৱসাগৰ জেল হাজোতৰ পৰা যোৱা ২৩ ডিচেম্বৰত সোণাৰি নগৰৰ মাজমজিয়াত থকা নিজ গৃহত বসবাস কৰা অসুস্থ পিতৃক সাক্ষাৎ কৰিবলৈ তিনিজন জেল ৱাৰ্ডেনৰ সৈতে আহিছিল ৷ অসুস্থ পিতৃক সাক্ষাৎ কৰাৰ চলেৰে তিনিজন জেল ৱাৰ্ডেনৰ চকুত ধূলি দি সোণাৰিৰ পৰা পলায়ন কৰে দুধৰ্ষ অপৰাধী ৰাকেশ বৰাই ।

যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত দুধৰ্ষ অপৰাধী ৰাকেশে পলায়ন কৰাত ৰাকেশৰ হাতত নিহত চৰাইদেউ সোণাৰিৰ চাজিম আহমেদৰ পৰিয়ালৰ সদস্যসকল এতিয়া প্ৰাণৰ শংকাত ভুগিছে । উল্লেখ্য যে, ২০০৪ বৰ্ষত সোণাৰিৰে উদীয়মান ব্যৱসায়ী চাজিম আহমেদক নৃশংস ভাৱে হত্যা কৰিছিল ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ ৰাকেশ বৰাই ।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযুক্ত ৰাকেশক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাত মহামান্য আদালতে অভিযুক্ত ৰাকেশক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল । যাৱজ্জীৱন কাৰাদণ্ডৰ সময়ছোৱাতে বিগত ২০১৩ বৰ্ষৰ ফেব্ৰুৱাৰীত শিৱসাগৰত চিকিৎসাধীন অৱস্থাতে চিকিৎসালয়ৰ পৰা পলায়ন কৰিছিল যদিও বিগত ২০২২ বৰ্ষৰ ৪ মে’ত সোণাৰি আৰক্ষীয়ে আটক কৰি পুনৰ জেললৈ প্ৰেৰণ কৰিছিল ।

কিন্তু পুনৰ নিজৰ গৃহলৈ আহি যোৱা শনিবাৰৰ পৰা পলায়ন কৰি থকা দুধৰ্ষ অপৰাধী ৰাকেশ বৰাই চৰাইদেউ আৰু শিৱসাগৰ আৰক্ষীৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিৱেশৰ ।

লগতে পঢ়ক : প্ৰতিদিনে আৰক্ষীৰ জেৰা আৰু মাৰপিট, অৱশেষত গছত চিপ লৈ হত্যা দীপাংকৰৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.