Badausa Cup 23 football tournament: ১৯ নৱেম্বৰৰ বদৌছা কাপ-২৩ ফুটবল প্ৰতিযোগিতা

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 4:44 PM IST

thumbnail

তিনিচুকীয়া, ১৪ নৱেম্বৰ: তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত আজি বদৌছা স্প'ৰ্টছ ক্লাবে এখনি সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলখনত বদৌছা স্প'ৰ্টছ ক্লাবৰ সভাপতি তথা অসম ফুটবল সন্থাৰ উপ সভাপতি অৰুণজ্যোতি মৰাণে বদৌচা স্প'ৰ্টছ ক্লাবৰ উদ্যোগত ফুটবল লীগ প্ৰতিযোগিতা বদৌছা কাপ-২৩ ফুটবল প্ৰতিযোগিতাৰ সন্দৰ্ভত অৱগত কৰে ।

অহা ১৯ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া বদৌছা কাপ-২৩ ফুটবল প্ৰতিযোগিতাত কলকাতা, মণিপুৰ, মিজোৰাম, শ্বিলং, অৰুণাচল প্ৰদেশ আদি দেশৰ কেইবাটাও আগশাৰীৰ ফুটবল দলে অংশগ্ৰহণ কৰিব বুলি তেওঁ কয় । অসমৰ ৫ টা স্থানত অংশগ্ৰহণকাৰী দল সমূহৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি সদৰী কৰে বদৌছা স্প'ৰ্টছ ক্লাৱৰ সভাপতি তথা অসম ফুটবল সন্থাৰ উপ সভাপতি অৰুণজ্যোতি মৰাণে । সংবাদমেলখনত বদৌছা স্পৰ্টচ ক্লাবৰ সভাপতিৰ উপৰি তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সম্পাদক জীৱন বৰুৱা, নীলকান্ত ফুকনকে আদি কৰি কেইবাগৰাকী ক্ৰীড়াৰ স'তে জড়িত জ্যেষ্ঠ বিষয়ববীয়া উপস্থিত থাকে ৷

লগতে পঢ়ক:Congress internal clash: নগাঁও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্বাচনক লৈ খোৱা-কামোৰা; হাইকমাণ্ডৰ শৰণাপন্ন ভূপেন বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.