Ali Aye Ligang 2023: উন্মনা ফাগুনে দিছে লৃগাঙৰ বতৰা

By

Published : Feb 13, 2023, 4:13 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

জোনাই,১৩ ফেব্ৰুৱাৰী: বিৰিখৰ সেউজীয়া আঁচল খহাই প্ৰেমৰ বতৰা লৈ সংগোপনে নামি আহিছে বাউলী ফাগুন । তেজৰঙা শিমলু, পলাশ, মদাৰৰ সৈতে দুষ্ট, অভিমানী ফাগুনৰ আগমন । বিৰিখবোৰ ক্ৰমাৎ লঠঙা হৈছে । নৈৰ পাৰত তেজৰঙা শিমলু ফুলিছে । চাৰিওফালে পাৰি দিছে এখন ৰঙা অভিমানী প্ৰেমৰ দলিচা, এয়াই দুষ্ট ফাগুন । চাৰিওফালে কিবা শুকান শুকান ধূলিৰে ধূসৰ পৰিবেশ, মাজে মাজে এজাক মলয়াই কৈছে এয়া দুষ্ট ফাগুন । 

ফাগুনৰ আগমনত উতনুৱা মন, পথাৰত যেন এতিয়া আপোন পাহৰা মিচিং কৃষক ৰাইজ (Ali Ai Ligang in Assam) । মিচিং জনগোষ্ঠীয় লোক সকলৰ প্ৰাণৰ উৎসৱ আলি-আয়ে-লৃগাঙক লৈ মিচিংসকলৰ মাজত অনন্য ব্যস্ততা (Mising community welcoming Ali Aye Ligang) ৷ এতিয়া যেন কনেংহঁতৰ গাত তত নাই । ৰিবি গাচেং, মিবু গালুক, গনৰ উগন, তঙানী, দুমেৰ আদি বনোৱাত ব‍্যস্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মিচিং কনেং অৰ্থাৎ জীয়ৰী-বোৱাৰী সকল ৷ সমানে ব্যস্ততা বাহিছে পঃৰ আপং(ছাঁই মদ) তৈয়াৰ কৰাৰ ব্যস্ততা (Ali Ai Ligang celebration at Jonai) । পুৰাং সিজাবলৈ, বৰ্তমান মাছ মৰাতো ব‍্যস্ত হৈ পৰিছে মিচিং যুৱকসকল (Preparation for Ali Ai Ligang in Jonai) । 

লৃগাংলৈ মাজত মাথো এটা দিন বাকী (Ali Aye Ligang of Mising community) । আকাশ ৰঙীণ কৰা দুষ্ট ফাগুনতেই বাজিব ঢুম ঢুম লুপি, চলিব গুমৰাগ চমান নৃত্য । এই গুমৰাগৰ সুৰতেই নাচিব ফাগুনৰ ৰঙচুৱা পছোৱা, গুমৰাগৰ সুৰত নাচিব শিমলু, মদাৰ কম্বং ফুলে । ৰাজ্যত এতিয়া প্ৰতিটো মিচিং অধ্যুষিত অঞ্চলত প্ৰাণচঞ্চল পৰিৱেশ । চোতাল-পথাৰ সকলোতে অবিৰাম নিগৰিছে ঐনিতমৰ সুৰ ৷ 

মিচিং কনেং আৰু বোৱাৰী সকলে এগে গাচৰ, ৰিবি-গাচেং, মিবু গালুগ আৰু পৰ আপং অৰ্থাৎ পৰম্পৰাগত ছাঁই মদ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে । আনফালে, মাছ মাৰিবলৈ প্ৰস্তুত গাঁৱৰ বোৱাৰী সকলো । লৃগাঙৰ দিনা গাহৰি, শুকান মাছ, পঃৰ আপঙেৰে আপ্যায়ন কৰিব লৃগাঙলৈ অহা অতিথি সকলক ৷ এনেদৰেই জোনাইৰ বিভিন্ন মিছিং অধ্যুষিত গাঁও অঞ্চলত দেখিবলৈ পোৱা গৈছে এক মন পৰশা দৃশ্য । 

লগতে পঢ়ক: Cancer treatment in Assam : সমস্যাত পৰিছে কৰ্কট প্ৰতিৰোধী বনৌষধি দিয়া দুৰ্লভ গগৈ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.