ETV Bharat / state

Cancer treatment in Assam : সমস্যাত পৰিছে কৰ্কট প্ৰতিৰোধী বনৌষধি দিয়া দুৰ্লভ গগৈ

author img

By

Published : Feb 13, 2023, 1:09 PM IST

সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পাছতে কৰ্কট ৰোগৰ ঔষধ প্ৰদান কৰা টিংখাঙৰ দুৰ্লভ গগৈৰ ঘৰত ভিৰ কৰিছে বহু ৰোগী আৰু পৰিয়াল । মাত্ৰ কেইদিন মানৰ ভিতৰতে দুৰ্লভ গগৈৰ ওচৰত থকা বনৌষধি প্ৰায় শেষ হৈছে । যাৰ বাবে সমস্যাত পৰিছে লোকজন (Durlav Gogoi facing problems)। ১৫-২০ দিনৰ পাছত হে পুনৰ বনৌষধি যোগান ধৰিব পাৰিব দুৰ্লভ গগৈয়ে ।

Cancer treatment in Assam
কৰ্কট ৰোগৰ ঔষধ বিচাৰি দুৰ্লভ গগৈৰ বাসগৃহত শ শ লোকৰ ভিৰ

কৰ্কট ৰোগৰ ঔষধ বিচাৰি দুৰ্লভ গগৈৰ বাসগৃহত শ শ লোকৰ ভিৰ

টিংখাং,১৩ ফেব্ৰুৱাৰী : সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পাছতে টিংখাঙলৈ আগমন ঘটিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কৰ্কট ৰোগীৰ । টিংখাঙৰ দুৰ্লভ গগৈয়ে কৰ্কট ৰোগৰ চিকিৎসা প্ৰদান কৰিব পাৰে বুলি খবৰ বিয়পি পৰাৰ পাছতে তেওঁৰ বাসগৃহত শ শ লোকে ভিৰ কৰিছে (Anti cancer drugs in Tingkhong)। সকলোকে কেৱল লাগে জীৱন-দায়িনী ঔষধ । ৰাইজৰ ভিৰ দেখি এতিয়া সমস্যাত পৰিছে দুৰ্লভ গগৈ আৰু তেওঁৰ পৰিয়াল ।

সমগ্ৰ দেশৰ লগতে অসমতো কৰ্কট ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । বছৰি বহু লোক কৰ্কট ৰোগৰ ফলত মৃত্যুমুখত পৰিছে । ইয়াৰ মাজতে এক খবৰ ওলাইছিল যে টিংখাঙৰ দুৰ্লভ গগৈ নামৰ এগৰাকী লোকে কৰ্কট প্ৰতিৰোধী ঔষধ প্ৰদান কৰি বহু ৰোগীক আৰোগ্য কৰি তুলিবলৈ সক্ষম হৈছে (Tingkhong man treats cancer)।

তাৰ পাছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত বহু ৰোগী আৰু পৰিয়ালৰ লোকে ভিৰ কৰিছে দুৰ্লভ গগৈৰ বাসগৃহত । অৱশ্যে এনে অভাৱনীয় হাৰত ৰোগীৰ উপস্থিতিৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে দুৰ্লভ গগৈৰ লগতে তেওঁৰ সহযোগী আৰু পৰিয়ালৰ লোক (Crowds for anti cancer herbs in Tingkhong)।

আনহাতে জীৱনদায়িনী "চাবাচনেগ্ৰাছ"ৰ লগতে অন্যান্য বনৌষধিসমূহ পৰ্যাপ্ত পৰিমাণে উপলব্ধ নথকাৰ ফলত এতিয়া ৰোগীক ঔষধ প্ৰদানৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে দুৰ্লভ গগৈ আৰু সহযোগীসকল । দুৰ্লভ গগৈয়ে সংবাদমাধ্যমক জনোৱা মতে তেওঁ ঔষধবোৰ শেষ হৈছে । পুনৰ ঔষধি উদ্ভিদ সংগ্ৰহ কৰিবলৈ নূন্যতম ১৫-২০ দিনৰ সময়ৰ প্ৰয়োজন হ'ব (Crisis of anti cancer herbs)।

সেয়েহে যিসকল কৰ্কট ৰোগী বা ৰোগীৰ পৰিয়ালে দুৰ্লভ গগৈৰ সৈতে যোগাযোগ কৰিছে সেইসকলক কিছুদিন পাছত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দুৰ্লভ গগৈয়ে । ইফালে তেওঁক যোগাযোগ কৰিহে ঔষধ সংগ্ৰহৰ বাবে যাবলৈ তেওঁ আহ্বান জনাইছে । আনহাতে ৰাইজৰ সুবিধাৰ্থে প্ৰাকৃতিকভাৱে কিদৰে এজন ব্যক্তি নিৰোগী হৈ থাকিব পাৰে তাৰো এখন দৈনিক খাদ্য তালিকা প্ৰস্তুত কৰিছে । তালিকাখনৰ বিষয়ে উল্লেখ কৰিছে দুৰ্লভ গগৈৰ পুত্ৰই ।

উল্লেখ্য যে চিকিৎসা বিজ্ঞানক প্ৰত্যাহ্বান জনাব পৰা সম্ভাৱনা কঢ়িয়াই আনিছে টিংখাঙৰ দুৰ্লভ গগৈয়ে । কৰ্কট ৰোগৰ চিকিৎসাৰ ওপৰত নিজা গৱেষণা, ঔষধ প্ৰস্তুত আৰু প্ৰয়োগেৰে বহুতৰে জীৱনৰ ত্ৰাণকৰ্তা হিচাপে পৰিচিত হৈ পৰিছে দুৰ্লভ গগৈ (Assam man treats cancer)। টিংখাঙৰ নলনী-কপহুৱা গাঁৱৰ সাধাৰণ মানুহজনে কৰি দেখুৱাইছে অসাধাৰণ কাম । কিছু বছৰ পূৰ্বে ব্লাড কেঞ্চাৰত আক্ৰান্ত হোৱা তেওঁৰ পুত্ৰৰ চিকিৎসা কৰিছিল নিজে প্ৰস্তুত কৰা বনৌষধিৰে ।

মাত্ৰ তিনি মাহৰ ভিতৰতে ব্লাড কেঞ্চাৰৰ পৰা আৰোগ্য লাভ কৰিবলৈ সক্ষম হোৱা দুৰ্লভ গগৈৰ একমাত্ৰ সন্তানে এতিয়া কটাইছে এক সাধাৰণ জীৱন । ইয়াৰ পাছত বহু কেইজন কৰ্কট ৰোগীক নতুন জীৱন প্ৰদান কৰিছে তেওঁৰ জীৱন-দায়িনী ঔষধে । জানিব পৰা মতে অসমৰ বিভিন্ন প্ৰান্তৰ বহু কৰ্কট ৰোগীয়ে দুৰ্লভ গগৈৰ চিকিৎসা গ্ৰহণ কৰিছে । ইয়াৰে প্ৰায় ৯০ শতাংশ ৰোগীয়েই আৰোগ্য লাভ কৰা বুলি দাবী কৰিছে দুৰ্লভ গগৈয়ে ।

দুৰ্লভ গগৈৰ নিজা গৃহতে প্ৰস্তুত হয় এই জীৱন-দায়িনী ঔষধ । ইফালে "চাবাচনেগ্ৰাচ" নামৰ এবিধ বিশেষ ঔষধি উদ্ভিদৰ পৰা তৈয়াৰ কৰা হয় এই ঔষধ । গগৈয়ে নিজৰ বাৰীতে কৰি লৈছে এইবিধ ঔষধৰ খেতি । ডাঃ অঞ্জলি পাঠক নামৰ এগৰাকী গুজৰাটৰ মহিলাই 'চাবাচনেগ্ৰাচ' নামৰ কৰ্কট প্ৰতিৰোধী বিশেষ ঔষধি গছবিধৰ সৈতে তেওঁক পৰিচয় কৰাই দিয়া বুলি উল্লেখ কৰে দুৰ্লভ গগৈয়ে ।

লগতে পঢ়ক :Gibbon Festival ২০২৩: পোন প্ৰথমবাৰৰ বাবে গিবন সংৰক্ষিত বনাঞ্চলত গিবন মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.