Hazardous west management: গুৱাহাটীত ‘‘বিপদজনক আৱৰ্জনাৰ ব্যৱস্থাপনা’’ শীৰ্ষক কৰ্মশালা

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 10:33 AM IST

thumbnail

গুৱাহাটী, ২৮ আগষ্ট : সোমবাৰে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ উদ্যোগত আৰু লঘূ উদ্যোগ ভাৰতী, পূৰ্বোত্তৰ প্ৰান্তৰ সহযোগত মহানগৰী ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰ (ইণ্ডিয়া) প্ৰেক্ষাগৃহত এক কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ এই কৰ্মশালাৰ মূল বিষয় হ’ল বিপদজনক আৱৰ্জনাৰ ব্যৱস্থাপনা ।

অসম তথা উত্তৰ পূৱৰ প্ৰায় দুশৰো অধিক ক্ষুদ্ৰ তথা লঘূ উদ্যোগৰ প্ৰতিনিধি উপস্থিত থকা কৰ্মশালাত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ড৹ অৰূপ কুমাৰ মিশ্ৰ, পৰিষদৰ সদস্য সচিব ড৹ শান্তনু কুমাৰ দত্ত, লঘূ উদ্যোগ ভাৰতী পূৰ্বোত্তৰ প্ৰান্তৰ অধ্যক্ষ মনোজ লুধিয়া, সভাপতি ৰবি সুৰেখা আদিকে ধৰি বিভাগসমূহৰ বহু লোক উপস্থিত থাকে ।

এই অনুষ্ঠানত কল-কাৰখানাসমূহৰ পৰা নিৰ্গত হোৱা বিপদজনক আৱৰ্জনা নিৰ্মূল তথা ইয়াৰ ওপৰত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে লঘূ উদ্যোগ ভাৰতী, পূৰ্বোত্তৰ প্ৰান্ত আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয় ।

লগতে পঢ়ক : Poor development at Mushalpur: অমৃত কালতো উন্নয়নৰ মুখ দেখা নাই মুছলপুৰৰ বহু ৰাইজে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.