Poor development at Mushalpur: অমৃত কালতো উন্নয়নৰ মুখ দেখা নাই মুছলপুৰৰ বহু ৰাইজে

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 7:47 AM IST

thumbnail

বাক্সা, 29 আগষ্ট : বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ 5 নং দিহিৰা ধনশ্ৰীপুৰৰ পৰা মধুপুৰলৈ যোৱা পথটিয়ে দীৰ্ঘদিন ধৰি জলা-কলা খুৱাই আহিছে বৃহত্তৰ অঞ্চলটিৰ ৰাইজক । ১৪ খনতকৈও অধিক গাঁৱৰ লোকে অহা-যোৱা কৰে এই পথেৰে । এই অঞ্চলটোত নাই দলং ৷ আনকি নাই এটি ভাল পথো ।

উপায়ন্তৰ হৈ সোমবাৰে শাসনাধিস্থ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল শিশুসহ বহু পুৰুষ-মহিলা । সংবাদ মাধ্যমৰ সন্মুখতে প্ৰতিবাদকাৰীয়ে উজাৰিছে ক্ষোভ । দিহিৰা পৰিষদীয় সমষ্টিৰ পাৰিষদ তথা বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস আৰু স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই কেৱল নিৰ্বাচনৰ সময়তহে আহি খবৰ লোৱা বুলি ক্ষোভ প্ৰকাশ কৰে ৰাইজে ।

শীঘ্ৰে এই ৰাস্তা-দলং নিৰ্মাণ নকৰিলে আগন্তুক নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিম বুলিও হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : Floating bamboo bridge: লাখ টকা ব্যয়েৰে ৰাইজে সাজিলে ওপঙা সেতু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.