Encounter at Bilasipara: পুনৰ এনকাউন্টাৰ, দুৰ্বৃত্তলৈ আৰক্ষীৰ তিনি জাঁই গুলী

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 11:56 AM IST

thumbnail

বিলাসীপাৰা, 31 অক্টোবৰ : ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা ৷ ধুবুৰী জিলাৰ বিলাসীপাৰাত গৰজিল আৰক্ষীৰ মাৰণাস্ত্ৰ ৷ ছফিকুল ইছলামক লক্ষ্য কৰি গুলীচালনা বিলাসীপাৰা আৰক্ষীৰ ৷ ভৰিত তিনি জাঁই গুলী লগাৰ পিচত ধুবুৰী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে ছফিকুলক।

সোমবাৰে নিশা চিৰাকুটাৰ বেতবাৰীত আৰু অস্ত্ৰ লুকাই ৰখাৰ সন্দেহত আৰক্ষীয়ে তদন্ত চলাই থকাৰ সময়ত আৰক্ষীৰ হাতৰ পৰা পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে এনকাউন্টাৰ কৰে ছফিকুল ইছলামক।

এক গোপন সূত্ৰৰ পম খেদি বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া ড৹ স্মৃতিৰেখা ফুকনৰ নেতৃত্বত এদল আৰক্ষীয়ে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই থকাৰ সময়তে এ, এছ, ১৬/ডি, ৯৩৫৯ নম্বৰৰ পালচাৰ মটৰ চাইকেলৰে বিলাসীপাৰাৰ বেলতলীৰ পৰা ধুবুৰী অভিমুখে গৈ থকা অৱস্থাত দুজন যুৱকক লগ পায়। অভিযানকাৰী আৰক্ষীৰ দলটোৱে মটৰ চাইকেলখন ৰাখিবলৈ নিৰ্দেশ দিয়ে যদিও যুৱকদ্বয়ে পলাবলৈ লয়। 

তাৰ পিচতে আৰক্ষীৰ দলটোৱে যুৱকদ্বয়ক খেদি খেদি নাথপাৰাৰ পৰা আটক কৰে। পিচত আৰক্ষীৰ দলটোৱে যুৱক দুজনৰ পৰা তিনি জাই সজীৱ গুলী, এটা খালী মেগজিন আৰু এটা ৭.৬৫ পিষ্টল আৰু মটৰ চাইকেলখন জব্দ কৰে ৷ পিষ্টলধাৰী দুৰ্বৃত্তদ্বয় ক্ৰমে ছফিকুল ইছলাম আৰু মতিউৰ ৰহমান বুলি আৰক্ষীয়ে চিনাক্ত কৰে ৷

লগতে পঢ়ক: Cattle theft: গৌৰীসাগৰত বিলাসী বাহনসহ এটা গৰু চোৰ গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.