HSLC Question paper leaked case : ছল্টব্ৰুক একাডেমীৰ ছাত্ৰক জেৰা

By

Published : Mar 14, 2023, 11:29 AM IST

thumbnail

ডিব্ৰুগড়,১৪ মাৰ্চ : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ লগত জড়িত ৭ গৰাকী ছাত্ৰক ডিব্ৰুগড়ৰ আৰক্ষীয়ে আটক কৰিছে (7 students detain on HSLC paper leaked case)। আটাইকেইগৰাকী ছাত্ৰ ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ বুলি জানিব পৰা গৈছে ।

আনহাতে ছল্টব্ৰুক একাডেমীৰ অধ্যক্ষ নিলাঞ্জন বৰদলৈকো সোধা-পোছাৰ বাবে নিশাই থানালৈ মাতি পঠিওৱা হৈছে । অৱশ্যে সোধা-পোছাৰ অন্তত অধ্যক্ষগৰাকীক ঘৰলৈ যাবলৈ দিয়া হয় বুলি জানিব পৰা গৈছে (Salt brook Academy principal interrogated)। ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই জানিবলৈ দিয়া মতে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰখা হৈছে ।

ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ ৭ গৰাকী ছাত্ৰক আটক কৰা হৈছে যদিও তেওঁলোকৰ ঘৰ অসমৰ বিভিন্ন জিলাত । অৱশ্যে এই ঘটনাত আৰু বহু লোক জড়িত থকাৰ কথাও উল্লেখ কৰিছে আৰক্ষী অধীক্ষকগৰাকীয়ে । সন্দেহৰ আৱৰ্তত থকা লোকসকলৰ বিৰুদ্ধেও আৰক্ষী লগতে চিআইডিয়ে অভিযান চলাইছে (CID investigation on HSLC paper leak case)।

উল্লেখ্য যে সোমবাৰে বাতিল কৰা হৈছিল চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা । ইয়াৰ পাছতে প্ৰতিবাদমুখৰ হৈ পৰে সমগ্ৰ ৰাজ্য ৷ ছেবাৰ লগতে ৰাজ্যৰ শিক্ষা বিভাগক তীব্ৰ সমালোচনা কৰিছে সচেতন মহলে । সমান্তৰালকৈ সমগ্ৰ ঘটনাক লৈ ছেবাই চিআইডিক দাখিল কৰিছিল এজাহাৰ । তাৰ ভিত্তিতে ডিব্ৰুগড় আৰক্ষীয়েও আৰম্ভ কৰিছে অভিযান ।

লগতে পঢ়ক :HSLC question paper leak : প্রশ্নকাকত ফাদিল সন্দৰ্ভত ৩ জনক গ্রেপ্তাৰ কৰিলে চিআইডিয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.