Bhogali Bihu 2023: বিহু বুলি ঘৰখন ধোবাংবাঙকৈ এৰি থৈ ওলাই নাযাব: আৰক্ষী আয়ুক্ত

By

Published : Jan 12, 2023, 8:40 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

ৰাজ্যৰ সৰ্বত্ৰে এতিয়া ভোগালী বিহুৰ উখল-মাখল পৰিৱেশ (Bhogali Bihu 2023) । মাজত মাত্ৰ এটা দিন ৷ তাৰ পিচতে ৰাজ্যবাসীয়ে উলহ-মালহেৰে পালন কৰিব ভোগৰ উৎসৱ ভোগালী বিহু । মাঘ বিহু বুলি ক’লেই নগৰ-চহৰত বাস কৰাসকলৰ গাঁৱৰ ঘৰখনলৈ মনত পৰে । গাঁৱলীয়া পৰিৱেশত জুইৰ উমত পৰিয়ালৰ সৈতে এসাজ খোৱাৰ মাদকতাই সুকীয়া । কিন্তু গুৱাহাটী মহানগৰীত বাস কৰা সকলে ইচ্ছা কৰিলেও সহজতে গাঁৱৰ ঘৰখনলৈ যাব নোৱাৰে । কাৰণ চোৰ-ডকাইতৰ উপদ্ৰব । আনকি এই কথা মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰায়ো নিজে স্বীকাৰ কৰিছে । যাৰ বাবে তেওঁ মহানগৰবাসীৰ প্ৰতি বিশেষ অনুৰোধ জনাইছে । বৰ্তমানৰ পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীবাসীক ঘৰ খালী কৰি গাঁৱৰ ঘৰত বিহু খাব যাবলৈ নালাগে বুলি অনুৰোধ জনালে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই (Police commissioner Diganta Borah)। ঘৰত ৰখীয়া থৈহে বিহু খাবৰ বাবে যাবলৈ আৰক্ষী আয়ুক্তগৰাকীয়ে মহানগৰবাসীৰ প্ৰতি আহ্বান জনালে । কাৰণ গুৱাহাটীৰ জনসংখ্যা অনুপাতে আৰক্ষীৰ লোকৰ সংখ্যা কম । তথাপিও মহানগৰবাসীক সুৰক্ষা দিবলৈ আৰক্ষীয়ে যিমান পাৰে চেষ্টা কৰিব বুলি তেওঁ সদৰী কৰে ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.