Pijush Hazarika on Loksabha elections 2024 : ভূপেন বৰাই আকাশত চাং পতা সপোন দেখে; মন্ত্ৰী পীযুষ হাজৰিকা

By

Published : Mar 10, 2023, 12:30 PM IST

thumbnail

গুৱাহাটী, 10 মাৰ্চ : ৰাজ্যৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছ দলৰ প্ৰতি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই মন্ত্ৰী পীযুষ হাজৰিকাই হৈ পৰিল আক্ৰমণাত্মক ৷ কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাই ৰাজনৈতিক অংক নাজানে বুলি ক’লে মন্ত্রীগৰাকীয়ে ৷  উল্লেখ্য যে, আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন (Assam budget 2023)। 

আজি প্ৰথম দিনা বিধানসভা চৌহদত সংবাদ মাধ্যমে আগন্তক নিৰ্বাচন সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মন্ত্রী পীযুষ হাজৰিকাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক তীব্ৰ কটাক্ষ কৰি কয় যে ৰাজ্যৰ মুখ্যমন্ত্রীগৰাকীয়ে আগতেই কৈ থৈছে যে তেওঁলোকৰ দলটোক কিছু কিছু অঞ্চলৰ ভোট নালাগে বুলি । ধুবুৰী আৰু বৰপেটাৰ কিছু অঞ্চল আগতেই এৰি দিয়া বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তাত তেওঁলোকে ছিক্সাৰ মাৰে, ছেঞ্চুৰী মাৰে তাত আমাৰ আপত্তি নাই । ইয়াৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক তাচ্ছিল্য কৰি ভূপেন বৰাই প্ৰত্যেকটো নিৰ্বাচনত জিকিম বুলি কয় যদিও পৰাজয়হে বৰণ কৰে বুলি কয় (Pijush Hazarika reaction on congress president comment)। 

ভূপেন বৰাই 'পলিটিকেল কেলকুলেশ্যন' নাজানে বুলি সদৰি কৰি কেলকুলেচন নজনা মানুহৰ কথাত বিজেপি দলৰ বিশেষ গুৰুত্ব দিবলগীয়া একো নাই বুলি উল্লেখ কৰে ৷ ইয়াৰেপৰি মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ দলটোৱে প্ৰত্যেকটো নিৰ্বাচনতে হাৰে । ভূপেন বৰা দুবাৰ জয়ী হৈছে আৰু তিনিবাৰ হাৰিছে বুলি উল্লেখ কৰি হাজৰিকাই কয় যে প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব লোৱাৰ পাছত অৰ্থাৎ ভূপেন বৰাৰ নেতৃত্বত দলটোৱে প্ৰতিটো নিৰ্বাচনতে হাৰিছে বুলি (Minister Pijush Hazarika reaction on Bhepen Borah) । 

লগতে পঢ়ক : Delhi Deeksha today: বিধানসভাত মহিলাৰ আসন সংৰক্ষণৰ বাবে যন্তৰ মন্তৰত দীক্ষা

কেতবোৰ নিৰ্দ্দিষ্ট অঞ্চলৰ কথা ভাবি ভূপেন বৰাই আকাশত চাং পাতে বুলি মন্ত্ৰী পীযুষে কয় । লোকসভা নিৰ্বাচনত বিজেপি দলে ১২ খন আসন লাভ কৰিব বুলি উল্লেখ কৰি কংগ্ৰেছ শূন্য আসন লাভ কৰিব বুলি ভৱিষ্যদ্বাণী কৰে (Pijush Hazarika on Loksabha elections 2024) । 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.