ETV Bharat / bharat

Delhi Deeksha today: বিধানসভাত মহিলাৰ আসন সংৰক্ষণৰ বাবে যন্তৰ মন্তৰত দীক্ষা

author img

By

Published : Mar 10, 2023, 11:01 AM IST

আজি যন্তৰ মন্তৰত ৫ হাজাৰ প্ৰতিবাদকাৰীৰ সৈতে অনুষ্ঠিত হ’ব প্ৰতিবাদী কাৰ্যসূচী ‘দীক্ষা’ ৷ এই প্ৰতিবাদী কাৰ্যসূচী আয়োজনৰ ক্ষেত্ৰত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চি আৰৰ কন্যা কে কবিতাই গ্ৰহণ কৰিছে বিশেষ উদ্যোগ । দিল্লী আৰক্ষীয়ে প্ৰথমতে কাৰিকৰী কাৰণত এই অনুমতি বাতিল কৰে যদিও পৰৱৰ্তী সময়ত অনুমতি প্ৰদান কৰে । দিল্লীৰ আৱকাৰী গোচৰৰ ভিত্তি কৰি জেৰা চলাই থকা কবিতাই শনিবাৰে ইডিৰ কাৰ্যালয়ত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰাৰ সম্ভাৱনা আছে (KCR daughter Deeksha in Delhi) ।

BRS MLA Kavitha in Delhi
যন্তৰ মন্তৰত প্ৰতিবাদ

নেশ্যনেল ডেস্ক, 10 মাৰ্চ : কিছুসময়ৰ পিছতে নাৰী কণ্ঠই উত্তাল কৰি তুলিব দিল্লীৰ যন্তৰ মন্তৰ ৷ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ যন্তৰ মন্তৰত অনুষ্ঠিত হ’বলগীয়া ধৰ্ণা কাৰ্যসূচীত অংশ ল’ব তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চি আৰৰ কন্যা কে কবিতাই (BRS MLA Kavitha in Delhi) ৷ প্ৰথমাৱস্থাত দিল্লী আৰক্ষীৰ তৰফৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ বাবে অনুমতি লাভ কৰা নাছিল যদিও পৰৱৰ্তী সময়ত অনুমতি লাভ কৰে বি আৰ এছৰ এম এল চি তথা কে চি আৰৰ কন্যা কে কবিতাই । ইয়াৰ পিছতে দিল্লী সুৰা নীতিৰ গোচৰত ED য়ে জাৰি কৰা চমনৰ প্ৰতি সঁহাৰি জনাই 11 মাৰ্চত দিল্লীৰ ED কাৰ্যালয়ত কবিতা হাজিৰ হোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, ভাৰত জাগ্ৰুতি নামৰ সংগঠনটোৰ সভানেত্ৰী কবিতাক প্ৰথমে দিল্লী আৰক্ষীয়ে জনাইছিল যে কাৰিকৰী কাৰণত তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচীৰ অনুমতি বাতিল কৰা হৈছে । পিছত ভাৰত জাগ্ৰুতি নামৰ সংগঠনটোৰ প্ৰতিনিধিয়ে আৰক্ষীৰ সৈতে যোগাযোগ কৰি আলোচনাত মিলিত হোৱাৰ পিছতে বি আৰ এছ (ভাৰত ৰাষ্ট্ৰ সমিতি) ৰ কৰ্ম-কৰ্তাসকলে ধৰ্ণাৰ বাবে অনুমতি লাভ কৰে । শুকুৰবাৰৰ পুৱা 10 বজাৰ পৰা বিয়লি 4 বজালৈ যন্তৰ মন্তৰত অনুষ্ঠিত হ’ব মুখ্যমন্ত্ৰী কে চি আৰৰ কন্যা কবিতাৰ দীক্ষা অৰ্থাৎ প্ৰতিবাদী অনুষ্ঠান । এই প্ৰতিবাদী কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে মহিলা সংৰক্ষণ বিধেয়ক সংসদত উত্থাপন কৰাৰ দাবী (Line clear for Kavitha Delhi protest today) ।

BRS MLA Kavitha in Delhi
যন্তৰ মন্তৰত প্ৰতিবাদ

ভাৰত জাগ্ৰুতিৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত ৬ হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ পৰা গৈছে । আনহাতে, এই প্ৰতিবাদত অংশগ্ৰহণ কৰিব তেলেংগানাৰ মন্ত্ৰী সবিতা ইন্দ্ৰ ৰেড্ডী আৰু সত্যৱতী ৰাথোৰেও । উল্লেখ্য যে, আৰক্ষীয়ে প্ৰতিবাদৰ অনুমতি বাতিল কৰা বুলি অৱগত হোৱাৰ পিছত কবিতাই বিষয়টো সন্দৰ্ভত আগবঢ়াইছিল তীব্ৰ প্ৰতিক্ৰিয়া (Bharat Jagruthi organisation BRS protest in Delhi) ।

দিল্লী আৰক্ষীয়ে নিজৰ সিদ্ধান্ত ঘোষ৷ণা কৰাৰ পিছতে কবিতাই এই লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে উল্লেখ কৰে যে, আৰক্ষীয়ে প্ৰথমে যন্তৰ মন্তৰৰ সমগ্ৰ স্থান তেওঁলোকৰ প্ৰতিবাদৰ বাবে ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰে যদিও পৰৱৰ্তী সময়ত সেয়া বাতিল কৰে । 5 হাজাৰ লোকৰ বাবে আৰক্ষীয়ে যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচীৰ ব্যৱস্থা কৰিছিল ৷ কিন্তু সমগ্ৰ স্থানডোখৰৰ পৰিৱৰ্তে যন্তৰ মন্তৰৰ মাত্ৰ আধা ঠাই ব্যৱহাৰ কৰাৰ বাবেহে আৰক্ষীয়ে অনুমতি প্ৰদান কৰে ৷ হঠাতে কোনো অন্য সংগঠনেও সেই স্থান বিচাৰি ধৰ্ণাৰ বাবে আবেদন কৰাৰ বাবেহে আৰক্ষীয়ে সমগ্ৰ স্থানডোখৰৰ পৰিৱৰ্তে আধা অংশহে জাগ্ৰুতিক ব্যৱহাৰৰ বাবে অনুমতি দিয়ে । সমগ্ৰ প্ৰতিবাদী কাৰ্যসূচীত দিল্লী আৰক্ষীৰ সহযোগিতা আশা কৰিছে কবিতাই (Kavitha to join ED probe on March 11)।

মুখ্যমন্ত্ৰী কেচিআৰৰ কন্যাগৰাকীয়ে বিজেপিয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰী কৰিব লাগে বুলি উল্লেখ কৰাৰ লগতে সংসদৰ অধিৱেশনত ৰাজ্যসমূহৰ বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ দাবী পূৰ্বৰে পৰা কৰি আহিছে বুলি উল্লেখ কৰে । ২০১৪ আৰু ২০১৮ চনৰ নির্বাচনৰ সময়ত বিজেপিয়ে দলৰ ইস্তাহাৰত দুবাৰকৈ প্রতিশ্রুতি দিছিল আৰু এতিয়ালৈকে এই প্রতিশ্রুতিসমূহ কার্যকৰী কৰা নাই বুলি অভিযোগ কৰিলে বি আৰ এছৰ এম এল চিগৰাকীয়ে (Bharat Jagruthi organisation BRS protest in Delhi ) ৷

লগতে পঢ়ক : Raid against Power loom gamochas: ৰঙিয়াত হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ অভিযান

কবিতাই লগতে দাবী কৰে যে সংসদৰ আগন্তুক অধিৱেশনত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ বিধেয়কখন গৃহীত কৰিব লাগে আৰু দাবী পূৰণ নোহোৱালৈকে তেওঁলোকে নিজৰ প্ৰতিবাদ অব্যাহত ৰাখিবলৈ সাজু বুলি দৃঢ়তাৰে কয় । উল্লেখ্য যে, আপ, কংগ্ৰেছৰ লগতে 14 টাকৈ বিৰোধী দলে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে (Women’s Reservation Bill)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.