Poor garbage management system:কেবিনেট মন্ত্ৰী বিমল বৰাৰ টিংখাঙত স্বচ্ছ ভাৰতৰ বিপৰীত ছবি

By

Published : Jul 8, 2023, 6:07 PM IST

thumbnail

ডিব্ৰুগড়, 8 জুলাই : টিংখাং ৰাজগড়ৰ ৫২ নং (B) ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সৃষ্টি হোৱা আৱৰ্জনাৰ দমে উন্মোচিত কৰিছে স্বচ্ছতাৰ নগ্ন স্বৰূপ ৷ স্বচ্ছ ভাৰতৰ বিপৰীত ছবি । পথৰ কাষৰ আৱৰ্জনাই সৃষ্টি কৰিছে ব্যাপক প্ৰদূষণৰ । টিংখাং ৰাজগড়ৰ ৫২ নং (B) ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সৃষ্টি হোৱা আৱৰ্জনাৰ দ’মে উন্মোচিত কৰিছে সভ্য সমাজৰ পৰিৱেশ সজাগতা আৰু স্বচ্ছতাৰ নগ্ন স্বৰূপ ।

উল্লেখ্য যে, ৰাজগড় চহৰৰ কাষেৰে যোৱা অৰুণাচল -নাগালেণ্ড সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে অবিজ্ঞানসন্মত ভাৱে চহৰখনৰ দৈনিক আৰু সাপ্তাহিক বজাৰৰ পেলনীয়া সামগ্ৰীসমূহৰ লগতে অসচেতন লোকে পেলাই থৈ যোৱা আৱৰ্জনা সমূহ গেলি-পচি চৌদিশে দুৰ্গন্ধ বিয়পি পৰিছে । যাৰ ফলত উক্ত স্থানেৰে যাতায়ত কৰোঁতে পথচাৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় । উক্ত স্থানৰ পৰা নিৰ্গত হোৱা চৰম দুৰ্গন্ধই কাষৰীয়া বাসিন্দাসকলকো চৰম আহুকালত পেলাইছে ।

পৰিতাপৰ কথা যে এই সকলো দেখি শুনিও স্থানীয় প্ৰশাসন নাইবা ৰাজগড় ব্যৱসায়িক সন্থাই চকু মুদা কুলিৰ ভূমিকা গ্ৰহণ কৰিছে । সেয়ে স্থানীয় সচেতন লোকসকলে বিষয়টোত স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাৰ হস্তক্ষেপ বিচৰাৰ লগতে অতি শীঘ্ৰে উক্ত স্থানৰ পৰা জাবৰসমূহ আঁতৰ কৰি অন্য এটুকুৰা ঠাইত সু-পৰিকল্পিত আঁচনিৰে ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : Pathetic road condition: আৰু কিমান দিন বাটপথৰ বাবে কাবৌ-কোকালি কৰিব লাগিব ৰাইজে ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.