ETV Bharat / state

Pathetic road condition: আৰু কিমান দিন বাটপথৰ বাবে কাবৌ-কোকালি কৰিব লাগিব ৰাইজে ?

author img

By

Published : Jul 5, 2023, 4:03 PM IST

tingkhong constituency
বাটপথৰ বাবে কাবৌ কোকালি ৰাইজৰ

কেবিনেট মন্ত্ৰী বিমল বৰাৰ টিংখাং সমষ্টিৰ জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে এটা বৃহৎ অঞ্চলৰ ৰাইজক ৷

বাটপথৰ বাবে কাবৌ কোকালি ৰাইজৰ

ডিব্ৰুগড়, 5 জুলাই : চৰকাৰ আহে চৰকাৰ যায়, গঞাৰহে বিপদবোৰ থাকি যায় ! এইয়াই সত্য ৷ ভোটৰ সময়ত প্ৰতিখন চৰকাৰে ভোট বিচাৰি কামৰ প্ৰতিশ্ৰুতিৰে ভোট আদায় কৰে ঠিকেই, কিন্তু সময়ত কাৰ্যকৰীহে নহয় তেওঁলোকৰ কাম ৷

পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনত এতিয়া ৰাজ্যত চৌদিশে উন্নয়নৰ ৰঙীণ বিজ্ঞাপন প্ৰচাৰ হৈছে । ঠিক তেনে সময়তে কেবিনেট মন্ত্ৰী বিমল বৰাৰ সমষ্টিৰ এটা জৰাজীৰ্ণ পথৰ বাবে জীয়াতু ভোগ কৰিবলগীয়া হৈছে টিংখাঙৰ এখন গাঁৱৰ ৰাইজে । টিংখাঙৰ মাহমৰা বৰপথাৰ পঞ্চায়তৰ অন্তৰ্গত থুলাই-পটিচুক গাঁৱৰ মূল পথটো এজাক বৰষুণতে ঠায়ে ঠায়ে বোকা আৰু পানীৰে উপচি পৰে ।

পথৰ দুৰৱস্থাৰ বাবে যাতায়ত যোগাযোগৰ ক্ষেত্ৰত চৰম সমস্যাৰ সন্মুখীন হৈ আহিছে গাঁওখনৰ প্ৰায় ১৫০ ঘৰতকৈ অধিক দুৰ্ভগীয়া বাসিন্দাই । বৰষুণৰ বতৰত সম্পূৰ্ণ বোকাময় হৈ পৰা পথটোৱেদি যাতায়ত একেবাৰে অসম্ভৱ হৈ পৰে । দুচকীয়া-চাৰিচকীয়া বাহনটো বাদেই পথটোৱে দি খোজকাঢ়ি যাবলৈও চৰম সমস্যাৰ সন্মুখীন হয় গাঁৱৰ বাসিন্দাসকল। যাৰ ফলত বিদ্যালয়লৈ অহা-যোৱাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকল ভীষণ সমস্যাৰ মুখামুখি হ’বলগীয়া হয় ।

আনহাতে স্থানীয় ৰোগী নাইবা প্ৰসূতিসকলেও চিকিৎসালয়লৈ যোৱাৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰি আহিছে । পথটো নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন কৰাৰ পাচতো কোনো সুফল লাভ নকৰিলে থুলাই-পটিচুক গাঁৱবাসীয়ে । সেয়ে পথটো অতি শীঘ্ৰে পকীকৰণ কৰি গাঁওবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাৰ প্ৰতি আহ্বান জনাইছে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক : Teok Poor Road Condition: "প্ৰতিশ্ৰুতি দিলেই নহ’ব, হাতে কামে কৰিবও লাগিব"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.