Kati bihu:উৎসৱো যেতিয়া হৈ পৰে কান্দোনৰ কাৰণ, গাঁওখনত নজ্বলে এগচিও চাকি

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 1:37 PM IST

thumbnail

বিহপুৰীয়া, 18 অক্টোবৰ : আজি কাতি বিহু ৷ অসমীয়া জাতিৰ বাপতি সাহোন কাতি বিহু ৷ ঘৰে ঘৰে প্ৰস্তুতি নিজ নিজ খেতিডৰাত গধূলি বন্তি জ্বলোৱাৰ ৷ গৃহস্থই চোতালত সাজিছে তুলসীৰ বেদী ৷ কিন্তু আজিৰ এই শুভ দিনটোতো দুখৰ চকুলো টুকিছে নাৰায়ণপুৰৰ বানে ধোৱা এখন গাঁৱৰ ৰাইজে ৷

নাৰায়ণপুৰৰ অঠানিবাৰীৰ বহু সংখ্যক কৃষিজীৱী পৰিয়ালৰ চকুত চকুলো আজি ৷ শালি-বাও ধানৰ সলনি এতিয়া বালি-পলসে ছানি ধৰিছে শ শ হেক্টৰ কৃষিভূমি ৷ এনে ক্ষেত্রত উক্ত অঞ্চলত শস্যবিহীন পথাৰসমূহত আজি সন্ধিয়া কৃষকসকলে জ্বলাব নোৱাৰিব চাকি-বন্তি ৷ নজ্বলিব এগছিও চাকি-বন্তি  ৷ উল্লেখ্য যে, এইবেলি দোৰপাং নদীৰ বিধবংসী বানে অঞ্চলটোত বালি-পলস পেলাই ভূমি পুতি পেলোৱাৰ লগতে বহু ঠাইত শালি, বাও ধানৰ খেতিসমূহ সমূলঞ্চে ধবংস কৰি থৈ যায় ৷ ফলত নিজৰ শস্যৰ পথাৰসমূহত এগছি চাকি-বন্তি জ্বলোৱাৰ পৰা বঞ্চিত হৈ ৰ’ব কৃষিজীৱী লোক তথা কৃষকসকল ৷

লগতে পঢ়ক : Coal mining affects paddy field: কৃষিৰ মাটিডৰালৈ চাই চকুলো বয় কৃষকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.