ETV Bharat / state

Coal mining affects paddy field: কৃষিৰ মাটিডৰালৈ চাই চকুলো বয় কৃষকৰ

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 10:38 AM IST

coal mining affects paddy field in titabor
কৃষকৰ চকুত চকু পানী

কাতি বিহুৰ দিনাই একাংশ কৃষকৰ চকুত চকু পানী । কৃষিকৰ্ম এৰি পদ পথৰ বেপাৰী হ’ব লগা হ’ল একাংশ কৃষক ।

কৃষকৰ চকুত চকু পানী

তিতাবৰ, 18 অক্টোবৰ : আজি, বুধবাৰে অসমৰ বাপতি সাহোন কাতি বিহু ৷ কাতি বিহু কঙালী হ’লেও বিহুতে বলিয়া অসমীয়াৰ মন ৷ আজিৰ দিনটোতে গঞা ৰাইজে নিজৰ কৃষি দৰাত বন্তি প্ৰজ্বলন কৰি ঈশ্বৰৰ সেৱা লয় ৷ নিজৰ খেতিৰে পৰিয়ালটোক বছৰটোলৈ ভৰণ-পোষণ দিব পৰাকৈ যাতে কৃষিডৰা লহপহীয়াকৈ বাঢ়ি আহে তাৰেই কামনাৰে তুলসীৰ তলত বন্তি জ্বলাই প্ৰাৰ্থনা কৰে সকলোৱে । কিন্তু আজি পাঁচটা বছৰে এনেদৰে নিজৰ খেতিডৰাত বন্তি জ্বলাই সেৱা জনাব পৰা নাই তিতাবৰৰ বহুসংখ্যক খেতিয়কে ৷

আজি পাঁচ বছৰ ধৰি যোৰহাট জিলাৰ বেকাজান, গোহাঁই গাওঁ, গায়নবাৰী গাঁৱৰ ৰাইজে নিজে খেতি কৰিব পৰা নাই ৷ কৃষিৰ সময় আহিলেই উচুপি উঠে তেওঁলোক, সেমেকি উঠে দুচকু ৷ খেতি কৰিব নোৱাৰাৰ কাৰণ হ’ল কাষৰীয়া পাহাৰত থকা কয়লাখনিৰ পৰা নিৰ্গত হোৱা অৱশিষ্ট আৰু তেল ৷ তিতাবৰৰ কেইবাখনো গাঁৱৰ ৰাইজে নিজৰ খেতিডৰাত পানীৰ অভাৱত তথা পাহাৰৰ পৰা বৈ অহা কয়লাৰ অৱশিষ্টৰ বাবে খেতি কৰিব নোৱাৰি নিজৰ মাটিডৰালৈ চাই চকুলো টুকে ।

যোৰহাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ বেকাজান, গায়নবাৰী, গোহাঁই গাওঁ তথা ভেলৌগুৰি গাঁৱৰ ৰাইজে আজি পাঁচ বছৰ ধৰি পাহাৰৰ পৰা নামি অহা কয়লাৰ অৱশিষ্টৰ কাৰণে খেতি কৰিব পৰা নাই ৷ ইফালে খৰাঙৰ কবলত পৰি গোলাঘাট জিলাৰ জামুগুৰিৰ ৰাইজে পানীৰ অভাৱত খেতি কৰিব পৰা নাই । এতিয়া নিজৰ পৰিয়ালটোক ভৰণ-পোষণ দিবৰ বাবে পদ পথৰ বেপাৰী হ’ব লগা হৈছে এই সকল কৃষক । কিন্তু কাণসাৰ নাই যোৰহাট তথা গোলাঘাট জিলা প্ৰশাসনৰ ।

লগতে পঢ়ক : Kati bihu: জীৱন জেউতি কৃষক সংঘৰ পথাৰত কাতি বিহু উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.