মন্দিৰৰ সন্মুখত মদ-মাংসৰ বেহা, উচ্ছেদৰ দাবী স্থানীয় ৰাইজৰ

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 8:28 AM IST

thumbnail

ডিব্ৰুগড়,২৯ ডিচেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিদেৰ্শনা আছিল নামঘৰ আৰু মন্দিৰৰ সন্মুখত মদ-মাংসৰ ব্যৱসায় কৰিব নোৱাৰিব । কিন্তু মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাইছে একাংশই । ডিব্ৰুগড় জিলাৰ টিংখাং ৰাজহ চক্ৰৰ অন্তৰ্গত বামুনবাৰীত মন্দিৰৰ ভূমি বেদখল কৰি মন্দিৰৰ সন্মুখত একাংশ ব্যৱসায়ীয়ে মদ-মাংস আদি বিক্ৰী কৰাক লৈ বৃহস্পতিবাৰে নিশা সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশৰ ।

জানিব পৰা মতে, বামুনবাৰী তিনি আলিত সমাজকৰ্মী ৰাধেশ্যাম তেলীয়ে এটি মন্দিৰ নিৰ্মাণৰ বাবে তেওঁৰ পিতৃ নাৰদ তেলীৰ নামত এডোখৰ ভূমি দান কৰিছিল ৷ তাৰ পাচত সেই ভূমিতে বামুনবাৰীৰ ৰাইজৰ সহযোগত এটি সুন্দৰ মন্দিৰে প্ৰাণ পাই উঠিছিল ।

কিন্তু পৰিতাপৰ বিষয় যে সেই মন্দিৰৰ সন্মুখত দুগৰাকী ব্যৱসায়ীয়ে ভূমি বেদখল কৰি ব্যৱসায়ীক প্ৰতিষ্ঠান খুলি অবৈধভাৱে মদ-মাংস বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে মন্দিৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজে ।

ইতিমধ্যে এই সন্দৰ্ভত মন্দিৰ পৰিচালনা সমিতিয়ে অবৈধভাৱে গঢ়ি উঠা দোকানসমূহ উচ্ছেদৰ বাবে টিংখাং ৰাজহ চক্ৰ বিষয়া আৰু প্ৰশাসনক অনুৰোধ জনাইছে ৷ কিন্তু এই ক্ষেত্ৰত আৰক্ষীৰ ফালৰ পৰা কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷

সেয়ে উপায়ন্তৰ হৈ ৰাইজে নিজে ওলাই আহি এই অনৈতিক কাৰ্যক বাধা দিয়াৰ চেষ্টা কৰাৰ লগতে প্ৰশাসনক উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । 

লগতে পঢ়ক : দৰমহাসহ বকেয়া বিচাৰি বঞ্চিত শ্ৰমিক নামিল ৰাজপথত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.