গাঞ্জাসহ বঙাইগাঁও আৰক্ষীৰ আলহী হ’ল ব্যৱসায়ী বাবলা মণ্ডল

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 7:01 AM IST

thumbnail

বঙাইগাঁও, 25 নৱেম্বৰ : শুকুৰবাৰে বঙাইগাঁও আৰক্ষীয়ে চহৰৰ মাজমজিয়াত থকা বাবুপাৰাত বাবলা মণ্ডল নামৰ এটা গাঞ্জা ব্যৱসায়ীৰ ঘৰত চলায় অভিযান । উত্তৰ বঙাইগাঁও তহলদাৰী আৰক্ষীৰ এই অভিযানত বাবলা মণ্ডলৰ বাসগৃহৰ পৰা জব্দ কৰা হয় প্ৰায় 2 কেজি অবৈধ গাঞ্জা ।

অভিযোগ অনুসৰি, দীৰ্ঘ দিনৰ পৰাই এই অবৈধ ব্যৱসায় চলাই আহিছিল বাবলা মণ্ডল নামৰ লোকজনে । বাবলা মণ্ডল এনে কৰ্মৰ ফলত সমগ্ৰ বাবুপাৰা অঞ্চলৰ ৰাইজ অতিষ্ঠ হৈ পৰিছিল । ইতিমধ্যে বাবলা মণ্ডল নামৰ ব্যবসায়ীটোক আৰক্ষীয়ে আটক কৰিছে । লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বঙাইগাঁও আৰক্ষীয়ে ।

ইপিনে, যোৱা 4 নৱেম্বৰতো নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত ৰে’ল আৰক্ষীৰ অভিযান চলাই ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ গাঞ্জা । সৰবৰাহকাৰীয়ে বিস্কুট, নুডলছ আৰু চিপছৰ পেকেটত আনিছিল এই গাঞ্জাখিনি ৷ 14619 ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে 20 কেজি গাঞ্জা । ৰে’ল আৰক্ষীৰ সূত্ৰ অনুসৰি এই গাঞ্জাখিনি সৰবৰাহ কৰিছিল তিনিগৰাকী মহিলাই ৷

লগতে পঢ়ক:প্ৰথমে স্কুটীত খুন্দা, তাৰ পাচত আৰোহীৰ পৰা কাঢ়ি নিলে ধনৰ মোনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.