ETV Bharat / state

প্ৰথমে স্কুটীত খুন্দা, তাৰ পাচত আৰোহীৰ পৰা কাঢ়ি নিলে ধনৰ মোনা

author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 7:58 PM IST

স্কুটীত পাচফালৰ পৰা খুন্দিয়াই লৈ গ’ল ধনৰ মোনা ৷ গুৱাহাটী মহানগৰীত চোৰ-ডকাইতে দৈনিক ন-ন কৌশল অবলম্বন কৰিছে ৷

money loot guwahati
গুৱাহাটী ডকাইতি

গুৱাহাটী, ২৪ নৱেম্বৰ : গুৱাহাটীত পুনৰ দিন-ডকাইতিৰ ঘটনা ৷ বাইকত অহা দুৰ্বৃত্তই থপিয়াই নিলে ৫ লাখ টকা ৷ গুৱাহাটীৰ আঠগাঁৱৰ উৰণ সেতুত সংঘটিত হৈছে এই ঘটনা ৷

যশ শৰ্মা নামৰ এগৰাকী যুৱকে ঘৰৰ পৰা টকাখিনি লৈ কাৰ্যালয়লৈ যোৱাৰ সময়তে লুটপাট কৰে দুৰ্বৃত্তই ৷ যুৱকজনে মাছখোৱাস্থিত ঘৰৰ পৰা টকাখিনি পিঠিত লোৱা বেগত লৈ স্কুটীৰে গৈ আছিল । সেই সময়তে হেলমেট পৰিহিত দুই দুৰ্বৃত্ত বাইকেৰে পাচফালৰ পৰা আহিছিল ৷ দুৰ্বৃত্ত দুটাই যুৱকজনৰ স্কুটীৰ পাচফালে খুন্দিয়াই দিয়াৰ ফলত তেওঁ স্কুটীৰ পৰা পৰি যায় আৰু শৰ্মাক উঠোৱাৰ চলেৰে পিঠিত থকা টকাৰ বেগটো লৈ দুই দুৰ্বৃত্ত উধাও হয় ৷

ইতিমধ্যে ঘটনাস্থলীত ভৰলু আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । পৰীক্ষা কৰা হৈছে অঞ্চলটোত থকা চিচি টিভি কেমেৰাৰ ভিডিঅ’ । উল্লেখ্য যে স্মাৰ্ট আৰক্ষীয়ে দপদপাই থকা গুৱাহাটী মহানগৰীত দিনক দিনে চোৰ, ডকাইতৰ উপদ্ৰৱ বৃদ্ধি পাইছে ।

চুৰি-ডকাইতি, হত্যা-হিংসা, লুণ্ঠনে মহানগৰবাসীক আতংকিত কৰি ৰাখিছে । নিশাৰ কথাতো বাদেই, দিন-দুপৰতে পথত অসুৰক্ষিত হৈছে নাগৰিক । কিয়নো কোন মুহুৰ্তত চিলনী চোৰে গাঁঠিৰ ধন, ডিঙিৰ চেইন কাঢ়ি নিয়ে তাৰ কোনো নিশ্চয়তা নাই ।

আনহাতে মহানগৰীত পিতপিতাই ফুৰা চোৰৰ দলে কোন মুহুৰ্তত মহানগৰবাসীৰ দুৱাৰ-খিৰিকী খুলি লুটপাত চলায় তাৰো কোনো নিশ্চয়তা নাই । মহানগৰৰ স্মাৰ্ট আৰক্ষীৰ ফোপোলা স্বৰূপ উদঙাই মহানগৰীত টিঘিল-ঘিলাই ঘুৰি ফুৰিছে চোৰ, ডকাইত, দুৰ্বৃত্তই । যাৰ বাবে মহানগৰীত চুৰি-ডকাইতিৰ ঘটনা ৰোধ কৰাত স্মাৰ্ট আৰক্ষী ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে ।

আৰক্ষীয়ে সময়ে-সময়ে তহল নিদিয়াৰ ফলত এনেধৰণৰ ঘটনা বৃদ্ধি হোৱাৰ অভিযোগ উঠিছে ৷ উল্লেখ্য যে শেহতীয়াকৈ মহানগৰীত দুৰ্বৃত্তই মহিলাৰ মূৰত পিষ্টল থৈ সোণৰ চেইন আৰু বেগ, ম'বাইল ফোন কাঢ়ি নিয়া ঘটনা সংঘটিত হৈছে ৷ দিছপুৰ থানাৰ অন্তৰ্গত হেঙেৰাবাৰী অঞ্চলত শেহতীয়াকৈ সোণৰ ডিঙিৰ চেইন, বেগ ম'বাইল আদি কাঢ়ি নিয়া ঘটনা সংঘটিত হৈছে । ৰাজধানী মহানগৰীত সঘনাই সংঘটিত হ’বলৈ ধৰা এনেবোৰ অপৰাধজনিত ঘটনাই মহানগৰীৰ বাসিন্দাক শংকিত কৰি তুলিছে যদিও গুৰুত্বপূৰ্ণ বিষয়টোক লৈ মহানগৰ আৰক্ষীয়ে অদ্যপি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

লগতে পঢ়ক : মাত্ৰ ৩৫০ টকাৰ বাবে এজন কিশোৰক হত্যা, হত্যাকাৰী কিশোৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.