Preparation of Ambubachi Mela: অম্বুবাচী মেলা প্ৰস্তুতি সন্দৰ্ভত সংবাদমেল

By

Published : Jun 10, 2023, 10:56 PM IST

thumbnail

গুৱাহাটী,১০ জুন: সমাগত অম্বুবাচী মেলা (Preparation of Ambubachi Mela) । অম্বুবাচী মেলাক লৈ তৎপৰ হৈছে প্ৰশাসন মন্দিৰ কৰ্তৃপক্ষ । অম্বুবাচী মেলা উপলক্ষে কামাখ্যা ধামত মন্দিৰ পৰিচালনা সমিতি আৰু প্ৰশাসনৰ যৌথ বৈঠক । সংবাদ মাধ্যমৰ আগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় অম্বুবাচী মেলাত নিশা ৯ বজাৰ পিছত ভক্ত সকল প্ৰৱেশ কৰিব নোৱাৰিব নীলাচলত (PC on preparation of Ambubachi Mela) ।  

পুনৰ পুৱা ৫ বজাৰ পৰা ভক্তসকলে প্ৰৱেশ কৰিব পাৰিব নীলাচলত । অম্বুবাচীৰ নিবৃত্তিৰ পিছত দর্শনৰ বাবে VVIP, VIP ৰ বাবে নাথাকিব কোনো বিশেষ ব্যৱস্থা । ২২ জুনত সোণাৰাম খেলপথাৰত শুভ আৰম্ভণি কৰা হ'ব অম্বুবাচীৰ । আনহাতে ভক্তসকলৰ বাবে ৩ টা স্থান পাণ্ডু পোৰ্ট, সোণাৰাম খেলপথাৰ আৰু কামাখ্যা ৰে'লৱে ষ্টেচন স্থাপন কৰা হ'ব অস্থায়ী শিৱিৰ (Ambubachi mela 2023) ।  

নিৰ্মাণ কৰা হ'ব অস্থায়ী শিৱিৰ । নাহৰবাৰীত কৰ্তব্যৰত আৰক্ষীৰ লোকসকলৰ বাবে নিৰ্মাণ কৰা হ'ব অস্থায়ী শিৱিৰ (Ambubachi mela preparation in Guwahati) । নীলাচল পাহাৰত এইবাৰো গাড়ী চলাচল বন্ধ থাকিব অম্বুবাচীৰ কেইদিন । বয়োজ্যেষ্ঠ লোক, শাৰীৰিক ভাবে সক্ষম লোকসকলৰ বাবে ফেৰী কাৰৰ ব্যৱস্থা থাকিব ।  

ভক্ত সকলৰ নিৰাপত্তাৰ বাবে স্থাপন কৰা হব চিচি কেমেৰা । আনহাতে পাণ্ডু কামাখ্যা সংযোগী নতুন পথ মুকলি কৰি দিয়া হ'ব ভক্তসকলৰ বাবে । অম্বুবাচীৰ সময়ত নীলাচলত পানী বা জুছৰ বাহিৰে অন্য খাদ্য সামগ্রী বিতৰণ কৰিব নোৱাৰিব । আনহাতে কামাখ্যা দেৱালয়ৰ দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই কয় ২২ জুনৰ নিশা ২.৩০ বজাত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব । মন্দিৰৰ দুৱাৰ ২৩, ২৪, ২৫ জুনত বন্ধ থাকিব । ২৬ জুনত নিত্য পূজাৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তিৰ বাবে খুলি দিয়া হ'ব । 

লগতে পঢ়ক: SI Junmoni death case: জোনমণি ৰাভা মৃত্যুৰ ন্যায়াধীশৰ পৰ্যায়ৰ তদন্ত কৰাৰ দাবী ১২ ৰাজনৈতিক দলৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.