Majuli Ferry Service: মাজুলীৰ ফেৰীঘাটত পুনৰ আৰম্ভ ছিণ্ডিকেট

By

Published : Feb 5, 2023, 10:06 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

thumbnail

মাজুলী, 5 ফেব্ৰুৱাৰী : নিমাতীৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই গৈছিল (Nimati Ghat ferry accident) ৷  নিমাতি ফেৰী দুৰ্ঘটনা পাচতে ফেৰী ঘাটসমূহত যাত্ৰীসকলক সুৰক্ষা দিয়াৰ স্বাৰ্থত আমূল পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছিল অসম চৰকাৰে । যাত্ৰীৰ সুৰক্ষা প্ৰতি লক্ষ্য ৰাখি ফেৰীসমূহ পাৰা-পাৰ হ’বলৈ অনলাইন আৰু অফলাইন টিকটৰ ব্যৱস্থা কৰিছিল চৰকাৰে (Ferry ticket to Majuli)।

দিন উকলাৰ লগে লগেই যেন সকলো সলনি হ'ল, সেই ভয়াৱহ ফেৰী দুৰ্ঘটনা যেন সকলোৱে পাহৰি গ’ল ।  চৰকাৰ তথা প্ৰশাসনৰ সকলো নীতি-নিয়ম ওফৰাই ফেৰীঘাটত পুনৰ আৰম্ভ হৈছে ছিণ্ডিকেট (Syndicate in Majuli ferry service)৷ মাজুলীৰ অফলামুখ পাৰঘাটত স্পষ্ট হৈছে ছিণ্ডিকেটৰ দৃশ্য ৷ মাজুলী অফলা-নিমাতিৰ মাজত চলা ৰ’পেক্সত নীতি বৰ্হিভূতভাবে কঢ়িয়াই অনা হয় অত্যাধিক গাড়ী ।

অনলাইনত আৰু অফলাইনত দেখুওৱা ১২ খন গাড়ীৰ বিপৰীতে ৰ’পেক্স ফেৰীত অফলা ঘাটলৈ অনা হয় ১৭ খন গাড়ী । এতিয়া প্ৰশ্ন হয় কাৰ জেপলৈ গৈছে ৫ খন অতিৰিক্ত গাড়ীৰ ভাড়াৰ বাবদ লাভ কৰা ধন ? এফালে ভাড়াবৃদ্ধি আনফালে যাত্ৰীৰ জীৱন আৰু সম্পত্তিৰ কথা চিন্তা নকৰি বিভাগে পাৰ কৰিছে অত্যাধিক গাড়ী ।

আভ্যন্তৰীণ জল পৰিবহণ বিভাগে হিচাপ মিলাবলৈ তথ্য অনুসৰি দেওবাৰে চৰকাৰী দুখন গাড়ী, আৰক্ষীৰ ১খন গাড়ী আৰু সত্ৰৰ এখন গাড়ীৰ হিচাপ দাখিল কৰিছে ৷ কিন্তু জানিব পৰা মতে দেওবাৰে নিমাতী ঘাটৰ পৰা অহা প্ৰতিখন গাড়ীয়ে ভাড়া দি পাৰ হৈ আহিছে  ৷ ৰ’পেক্সত অতিৰিক্ত গাড়ী পাৰ কৰাৰ ধন আচলতে কাৰ জেপলৈ গৈ আছে সেইটো এটা ডাঙৰ প্ৰশ্ন ৷

লগতে পঢ়ক : Riniki Bhuyan Sarma : শিপাৰ সন্ধানত মাজুলীত সন্তানসহ ৰিণিকি ভূঞা শৰ্মা

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.