Autumn session 2023: বিধানসভা অধিবেশনৰ প্ৰথম দিনাই বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱ, প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু মুখ্যমন্ত্ৰী

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 1:34 PM IST

thumbnail

গুৱাহাটী, 11 ছেপ্টেম্বৰ: সোমবাৰৰ পৰা আৰম্ভ হয় অসম বিধানসভাৰ অধিৱেশন ৷ আৰম্ভণিৰ দিনাখনে বিৰোধীয়ে সভা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে । তিনিটা বিষয়ত সভা স্থগিতৰ সিদ্ধান্ত গ্ৰহণ কৰে বিৰোধীয়ে । বিৰোধীৰ সভা স্থগিত ৰখাৰ সিদ্ধান্তত সমৰ্থন মুখ্যমন্ত্ৰী‌ হিমন্ত বিশ্ব শৰ্মাৰ । 

15 মিনিটৰ বাবে সভা স্থগিত ৰাখি বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু মুখ্যমন্ত্ৰী । অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ নিয়ম 56 নং বিধি অনুসৰি "ব্যাপক হাৰত বিদ্যুৎ কর্তন, লোড শ্বেডিং আৰু অত্যাধিক বিদ্যুৎ মাচুলে ৰাজ্যখনৰ জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্রা ব্যাহত কৰিছে" সেই সন্দৰ্ভত সোমবাৰে সদনৰ সকলো কাৰ্যসূচী স্থগিত ৰাখি আলোচনাৰ দিহা কৰিবলৈ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, বিৰোধী বিধায়ক অখিল গগৈয়ে আৰু বিধায়ক মনোৰঞ্জন তালুকদাৰে প্ৰস্তাৱ আগবঢ়ায় । লগতে বিধায়ক আমিনুল ইছলামে মঙলদৈৰ ঘটনা আৰু বিধায়ক শ্বেৰমান আলীয়ে বহৰিৰ ঘটনা সন্দৰ্ভত সভা স্থগিত ৰখাৰ প্ৰস্তাৱ আগবঢ়ায় । 

মুখ্যমন্ত্ৰীয়ে বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু বুলি কোৱাৰ‌ পিছতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সভা স্থগিতৰ প্ৰস্তাৱত অনুমোদন জনায় ।

লগতে পঢ়ক: Microfinance loan waiver: মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লোৱা মহিলালৈ আদালতৰ চমন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.