Microfinance loan waiver: মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লোৱা মহিলালৈ আদালতৰ চমন

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 12:43 PM IST

thumbnail

তিনিচুকীয়া, 11 ছেপ্তেম্বৰ:  অসমৰ বিভিন্ন জিলাৰ লগতে তিনিচুকীয়া জিলাৰ ছৈখোৱাত মাইক্ৰ’ফাইনেঞ্চৰ ঋণী মহিলাই একগোট হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ঋণ ৰেহাই দিবৰ বাবে আহ্বান জনায় ৷ ঋণী মহিলাসকলে সংবাদ মাধ্যমৰ আগত কয়, "আমাক ঋণ ৰেহাই দিয়ক । আপুনি আমাক যি ধৰণে প্ৰতিশ্ৰুতি দিছিল, আমি কিন্তু আজিও ঋণ ৰেহাই নাপালো ৷"

আনহাতে, গোটৰ সদস্যসকলক 25 হাজাৰ টকা দিয়াৰ কথা ঘোষণাৰ পিছতো চৰকাৰীভাৱে ফুটাকৰিও নোপোৱাৰ অভিযোগ আনিছে ছৈখোৱা উন্নয়ন খণ্ডল অন্তৰ্গত কেবাখনো গাঁৱৰ মহিলাই । পুনৰ মুখ্যমন্ত্ৰীগৰাকীক মনত পেলাই দিছো আপুনি দিয়া প্ৰতিশ্ৰুতিৰ কথা ৷ মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লোৱা মহিলাই আদালতৰ চমন পোৱাৰ পিছত মুখ্যমন্ত্ৰীক হাতযোৰ কৰি আহ্বান জনালে ছৈখোৱাৰ মহিলাসকল ৷

উল্লেখ্য যে, মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লোৱা মহিলালৈ আদালতে চমন জাৰি কৰিছে ৷ ছৈখোৱাৰ ঋণী মহিলাক আদালতে জাৰি কৰিছে জাননী ৷ ঋণী মহিলাৰ ঋণ মাফ কৰি দিয়াৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: Protest at Khanapara: প্ৰাপ্য বঞ্চিত ৰান্ধনী সহায়িকাৰ দিছপুৰ ঘেৰাও কাৰ্যসূচী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.