Operation against child marriage: বাল্য বিবাহৰ সৈতে জড়িত 8 জনক আটক অভয়াপুৰী আৰক্ষীৰ

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 1:28 PM IST

thumbnail

বঙাইগাঁও, 3 অক্টোবৰ: বঙাইগাঁও জিলাৰ অভয়াপুৰীত বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হৈছে অভয়াপুৰী আৰক্ষী ৷ অভয়াপুৰীৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই বাল্য বিবাহৰ সৈতে জড়িত মুঠ 8 গৰাকী লোকক আটক কৰে ৷ অভয়াপুৰী আৰক্ষীয়ে নিশাৰ ভাগত অভয়াপুৰীৰ বিভিন্ন স্থানত চলাইছিল এই অভিযান ৷

অভয়াপুৰী আৰক্ষীয়ে পুৱতি নিশালৈকে চলাইছিল এই অভিযান ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত অভয়াপুৰীৰ লগতে সমগ্ৰ বঙাইগাঁও জিলাত আৰক্ষীয়ে অভিযান চলাই মুঠ 39 জন লোকক আটক কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে ৷ আগন্তুক দিনতো আৰক্ষীৰ এই অভিযান অব্যাহত থাকিব বুলি জানিব পৰা গৈছে ৷

ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু আটকাধীন লোক কেইজনক নিজৰ জিম্মাত ৰাখিছে অভয়াপুৰী আৰক্ষীয়ে ৷ ধৃতকেইজনৰ পৰিচয় প্ৰকাশ কৰা নাই আৰক্ষীয়ে ৷

লগতে পঢ়ক :  Operation against child marriage: নগাঁৱত আৰম্ভ বাল্য বিবাহ বিৰোধী অভিযান

TAGGED:

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.