Assam japanese encephalitis update: মাজুলীত জাপানীজ এনকেফেলাইটিছত মেধাৱী ছাত্ৰৰ মৃত্যু

By

Published : Aug 15, 2023, 6:40 PM IST

thumbnail

মাজুলী, 15 আগষ্ট : 77 সংখ্যক স্বাধীনতা দিৱসৰ বাবে সমগ্র দেশতে এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে । ইয়াৰ মাজতে মাজুলীৰ কলীয়া গাঁৱত পৰিছে শোকৰ ছাঁ, কিয়নো জাপানীজ এনকেফেলাইটিছত কলীয়া গাঁৱৰ এম্বো পায়েং নামৰ ছাত্ৰজনে অকাল মৃত্যুক সাৱটি ল’বলগীয়া হয় । দীৰ্ঘদিন চিকিৎসাধীন হৈ থকা ছাত্ৰজনে সোমবাৰে নিশা অসম চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে ।

এম্বো পায়েং নামৰ মেধাৱী ছাত্রজনৰ প্ৰকৃত ঘৰ লখিমপুৰ জিলাত । তিনি বছৰ বয়সৰ পৰাই এম্বো পায়েঙে মাজুলীৰ কলীয়া গাৱঁৰ আত্মীয়ৰ ঘৰত থাকি পঢ়িছিল । দূৰ্ভাগ্যজনক ভাৱে সামান্য গা বেয়া হোৱাত প্ৰথমে মাজুলীত আৰু তাৰ পিচত লখিমপুৰত চিকিৎসাধীন হৈছিল । স্বাস্থ্যৰ কিছু অৱনতি ঘটাত অসম মেডিকেল কলেজত ভৰ্তি হৈ শেষত অসম মেডিকেল কলেজতেই মৃত্যুক সাৱটি লয় ছাত্ৰজনে । ছাত্ৰজনৰ মৃত্যুত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে তেওঁৰ বাসগৃহৰ লগতে সমগ্র অঞ্চলটোত ।

লগতে পঢ়ক : Assam japanese encephalitis update:বঙাইগাঁৱত জাপানীজ এনকেফেলাইটিছত দুজনৰ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.