Assam japanese encephalitis update:বঙাইগাঁৱত জাপানীজ এনকেফেলাইটিছত দুজনৰ মৃত্যু

By

Published : Aug 10, 2023, 8:38 PM IST

thumbnail

বঙাইগাঁও, 10 আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনকেফেলাইটিছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । এনকেফেলাইটিছত মহৰ কামোৰত প্ৰথমে জ্বৰ হয় । তাৰ পিচত লাহে লাহে শৰীৰৰ অৱনতি ঘটে । বিভিন্ন জিলাৰ লগতে বঙাইগাঁৱতো এনকেফেলাইটিছত মানুহ আক্ৰান্ত হোৱাৰ লগতে মানুহো ঢুকাইছে ৷ কিন্তু এই ক্ষেত্ৰত স্থানীয় স্বাস্থ্য বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখা নাই । ৰোগীক পৰীক্ষা কৰিয়েই দায়িত্ব সামৰিছে তেওঁলোকে । ইয়াক প্ৰতিৰোধ কৰাৰ কোনো ধৰণৰ পৰিকল্পনাও চকুত পৰা নাই ।

কুম্ভকৰ্ণ নিদ্ৰাত আছে অসমৰ স্বাস্থ্য বিভাগ ৷ বঙাইগাঁৱত এজনৰ মৃত্যুৰ পিচত ৰাইজৰ মাজত এক আশংকাৰ সৃষ্টি হৈছে । উল্লেখ্য যে বঙাইগাঁৱৰ স্বাগত হাস্পতালত জাপানীজ এনকেফেলাইটিছ ৰোগত এগৰাকী মহিলাৰ মৃত্যু হোৱাত মৃত্যুৰ সংখ্যা দুজনলৈ বৃদ্ধি পায় ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত স্থানীয় ব্যক্তিগত খণ্ডৰ স্বাগত হাস্পতালত জাপানীজ এনকেফেলাইটিছত মৃত্যু ঘটা মহিলাগৰাকী বইটামাৰীৰ মলিগাঁৱৰ সীমেশ্বৰী ৰায়(78) বুলি জানিব পৰা গৈছে ৷ আনহাতে জিলাখনত সম্প্ৰতি ১২ গৰাকীকৈ লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ আছে, ইতিমধ্যে এই ৰোগত আক্ৰান্ত হোৱা বুলি ২৯ গৰাকী লোকক পৰীক্ষা কৰা হৈছে ।

লগতে পঢ়ক :  Assam japanese encephalitis update:কলিয়াবৰত জাপানীজ এনকেফেলাইটিছৰ ফলত প্ৰথমটো মৃত্যুৰ ঘটনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.