Assam japanese encephalitis update:কলিয়াবৰত জাপানীজ এনকেফেলাইটিছৰ ফলত প্ৰথমটো মৃত্যুৰ ঘটনা

By

Published : Aug 9, 2023, 3:59 PM IST

thumbnail

কলিয়াবৰ, 9 আগষ্ট : ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে ৷ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ কলিয়াবৰৰ প্ৰথমগৰাকী ৰোগীৰ মৃত্যু ৷ স্বাস্থ্যমন্ত্ৰীৰ গৃহ সমষ্টি কলিয়াবৰত প্ৰথমগৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ মৃত্যু ঘটিছে । কলিয়াবৰৰ বৰুৱাচুকৰ দীন হাজৰিকা নামৰ ৬০ উৰ্ধৰ ব্যক্তিজনৰ নিশা মৃত্যু হয় চিকিৎসালয়ত । বিগত ১০ দিন ধৰি তেজপুৰ মেডিকেল কলেজ(TMCH) হাস্পতালত চিকিৎসাধীন হৈ আছিল ব্যক্তিজন ।

প্ৰথমাৱস্থাত ব্যক্তিজনৰ জ্বৰ উঠাত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল । চিকিৎসাধীন অৱস্থাত নিশা তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত দীন হাজৰিকাৰ মৃত্যু হোৱা বুলি সদৰী কৰে চিকিৎসকে । এই পৰ্যন্ত কলিয়াবৰত ৫ জনকৈ ব্যক্তি জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে ।

লগতে পঢ়ক : Assam japanese encephalitis update:জোনাইত জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.