Assam japanese encephalitis update:জোনাইত জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস

By

Published : Aug 8, 2023, 7:02 PM IST

thumbnail

জোনাই, ৮ আগষ্ট : ৰাজ্যত বানৰ লগতে অব্যাহত আছে জাপানীজ এনকেফেলাইটিছৰ আতংক । কিয়নো জাপানীজ এনকেফেলাইটিছৰ ফলত বৰ্তমানলৈ ৰাজ্যত বহু কেইজন লোকে হেৰুৱাইছে প্ৰাণ । জোনাই মহকুমাৰ বানপীড়িত অঞ্চলত ক্রমাৎ ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছ আৰু একিউট এনকেফেলাইটিছ চিণ্ড্ৰোমে (Acute Encephalitis Syndrome) ।

মঙলবাৰে দিনৰ ১ বজাত ধেমাজি জিলাৰ মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কুমাৰ কমানে জানিবলৈ দিয়া মতে ধেমাজি জিলাত বৰ্তমান সময়লৈকে জাপানীজ এনকেফেলাইটিছত আক্রান্তৰ সংখ্যা ১৯ জন আৰু একিউট এনকেফেলাইটিছ চিণ্ড্ৰোমত আক্ৰান্ত ২৪ জন ৷ বৰ্তমানলৈকে মুঠ ৰোগীৰ সংখ্যা ৪৩ জন । তাৰ ভিতৰত জোনাই মহকুমাত লোহিজান, জোনাই বজাৰ, ৩ নং মূৰ্কংচেলেক, ১ নং মিলনপুৰ, জোনকাৰেং, তেলাম, চিকেৰ চেলেক, লামাজান অঞ্চলৰ পৰা মুঠ ৯ গৰাকী চিনাক্ত হৈছে  ৷ ইয়াৰে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৩ জন আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত ৬ জন  ৷ অৱশ্যে ইয়াৰে ৯ জনেই সুস্থ হৈছে বুলি জানিব পৰা গৈছে  ৷

আনহাতে ধেমাজি জিলাত Japanese Encephalitis ত আক্ৰান্ত ২জন আৰু Acute Encephalitis Syndrome ত আক্ৰান্ত ৩ জন ৰোগীৰে মৃত্যু হৈছে বুলি জানিবলৈ দিয়ে চিকিৎসা বিষয়াগৰাকীয়ে । সোমবাৰে গধূলি জোনাই মহকুমাত জোনাই মহকুমা চিকিৎসা বিভাগে জাপানীজ এনকেফেলাইটিছ ৰোগ নিবাৰণৰ বাবে ইয়াৰ প্ৰতিষেধক হিচাপে ধোঁৱা দিয়ে ।

লগতে পঢ়ক : Assam Japanese encephalitis update:লখিমপুৰত জাপানীজ এনকেফেলাইটিছত চৈধ্যজন আক্ৰান্ত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.