Odalguri District Jail : আৰক্ষীৰ চকুত ধূলি দি জিলা কাৰাগাৰৰ পৰা কয়দীৰ পলায়ন

By

Published : Apr 16, 2023, 4:01 PM IST

thumbnail

ওদালগুৰি, 16 এপ্ৰিল: অসমৰ স্মাৰ্ট আৰক্ষীৰ চকুত ধূলি দি পলাল কয়দী । পহিলা বহাগৰ দিনটোতে ওদালগুৰি জিলা কাৰাগাৰৰ পৰা পলায়ন কৰে কয়দীটোৱে ৷  জানিব পৰা মতে, পহিলা বহাগ উপলক্ষে ওদালগুৰি জিলা কাৰাগাৰৰ ওখ চাৰিবেৰৰ বাহিৰৰ চোতালত থকা মন্দিৰত এখন শৰাই আগবঢ়াইছিল জিলা কাৰাগাৰ কৰ্তৃপক্ষই । উক্ত অনুষ্ঠানত কাৰাগাৰ কৰ্তৃপক্ষৰ লগতে সকলো কয়দীয়ে অংশগ্ৰহণ কৰে (Prisoners escape from Udalguri District Jail) । 

২০১১ চনত হত্যাকাণ্ডৰ গোচৰত ওদালগুৰি সত্ৰ ন্যায়াধীশৰ আদালতে দোষী সাব্যস্ত কৰি শাস্তি ঘোষণা কৰা শ্যামল পালে (৪৫)সময়ৰ সুযোগ গ্ৰহণ কৰি উক্ত সময়চোৱাত পলায়ন কৰে । উক্ত ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিচত কাৰগাৰ কৰ্তৃপক্ষই গোটেই ৰাতি কয়দীজনৰ সন্ধানত বিচাৰ-খোচাৰ কৰে যদিও অদ্যপি কোনো শুং সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই । যি সময়ত ৰাজ্যৰ স্মাৰ্ট আৰক্ষীয়ে এনকাউণ্টাৰৰ দ্বাৰা ৰাজ্যৰ বহু অপৰাধাীক দমন কৰি আহিছে সেই সময়তে খোদ কাৰাগাৰ কৰ্তৃপক্ষৰ চকুৰ আগেৰেই কয়দীৰ পলায়নে প্ৰশাসনৰ দায়িত্ব জ্ঞানহীনতাকে প্ৰকট কৰিছে (Udalguri Sessions Court) । 

লগতে পঢ়ক : Road accident at Jonai: জোনাইত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.