বিহপুৰীয়াত নিশা পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 9:13 AM IST

thumbnail

বিহপুৰীয়া, 27 নৱেম্বৰ: বিহপুৰীয়াত শোকাৱহ দুৰ্ঘটনা ৷ শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ মাজতে নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৰ চুনজুলিত পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই দিহিৰি নদীৰ দলঙৰ তলত পৰিল দুজনকৈ বাইক আৰোহী । থিতাতে নিহত এজন আৰু গুৰুতৰভাৱে আহত আনজন লোক হৈছে বুলি জানিব পৰা গৈছে । 

নিহত যুৱকজন ৰামপুৰৰ অজিত বৰা বুলি চিনাক্ত কৰাৰ বিপৰীতে গুৰুতৰভাৱে আহত যুৱকজন শিমলুগুৰিৰ 1 নং ৰামপুৰৰ মঞ্জিল বৰা বুলি চিনাক্ত কৰা হৈছে । পুৱা খোজ কাঢ়িবলৈ অহা লোকে প্ৰত্যক্ষ কৰি ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে । গুৰুতৰভাৱে আহত যুৱকজনক ততাতৈয়াকৈ ধলপুৰ গ্ৰাম্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । 

ৰাস চাই ওভতি অহাৰ পথতে এই দুৰ্ঘটনা হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: ড্ৰাগছসহ এটা সৰবৰাহকাৰীক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.