ড্ৰাগছসহ এটা সৰবৰাহকাৰীক আটক

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 7:19 AM IST

thumbnail

মানকাচৰ, 28 নৱেম্বৰ : ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ সময়তো একাংশই বিভিন্ন কৌশল অৱলম্বন কৰি চলাই গৈছে ড্ৰাগছৰ বেহা । সোমবাৰে মানকাচৰ চহৰৰ মাজ মজিয়াৰ অশোকা অষ্টমী মেলা ময়দানৰ সমীপত নিশা প্ৰায় 8 বজাত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰগয়াৰীৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি এটা হেৰ’ইন সৰবৰাহকাৰী সহ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে জনোৱা মতে, সৰবাহকাৰীটোৱে আন এজন লোকক হেৰ’ইনৰ এটা পেকেট দিবলৈ আহোঁতেই আৰক্ষীৰ জালত পৰে ৷ আটকাধীন সৰবৰাহকাৰীটো মানকাচৰ থানাৰ অন্তৰ্গত কাকৰীপাৰা বালুচৰ গাঁৱৰ জীয়াউল হাছান বুলি জানিব পৰা গৈছে ৷ জীয়াউলৰ পৰা আৰক্ষীয়ে 12.38 গ্ৰাম হেৰ’ইন জব্দ কৰে ৷ আৰক্ষীয়ে আটকাধীন জীয়াউলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অধিক তথ্যৰ উদঘাটনৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: যোৰহাটত চাঞ্চল্যকৰ ডকাইতিকাণ্ড, লুটি নিলে 16 লাখ টকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.