ভয়ংকৰ পথ দুৰ্ঘটনা, এজন থিতাতে নিহত

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 1:19 PM IST

thumbnail

ছিপাঝাৰ, 21 নৱেম্বৰ : দৰং জিলাৰ ছিপাঝাৰৰ কৰৈগুৰি দলঙৰ সমীপত নাৰিকলত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে এজন লোক মৃত্যু হোৱাৰ পৰিৱৰ্তে এজন লোক গুৰুতৰভাৱে আহত হৈছে ৷ 
ছিপাঝাৰৰ নাৰিকলৰ কৰৈগুৰি দলঙৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। মৃত ব্যক্তিজনৰ নাম সঞ্জীৱ ডেকা বুলি জানিব পৰা গৈছে। সঞ্জীৱ নামৰ লোকজন চালকৰ আসনত আছিল। 

আনহাতে এই দুৰ্ঘটনাত হিমাদ্ৰী হাজৰিকা নামৰ এগৰাকী আৰোহী আহত হয় ৷ আহতগৰাকীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। 

জানিব পৰা মতে, মঙলদৈ অভিমুখী AS01 DN7363 নম্বৰৰ ডাষ্টাৰ বাহনখনৰ সৈতে 13C096990P নম্বৰৰ সেনা বাহিনীৰ এখন বাহনৰ সংঘৰ্ষৰ ফলত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ৷

লগতে পঢ়ক: নাৰেংগীত দ্ৰুতবেগী টেংকাৰৰ খুন্দাত মৃত্যু পথচাৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.