নাৰেংগীত দ্ৰুতবেগী টেংকাৰৰ খুন্দাত মৃত্যু পথচাৰীৰ

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 11:54 AM IST

thumbnail

গুৱাহাটী, ২১ নৱেম্বৰ: গুৱাহাটীৰ মহানগৰীৰ নাৰেংগী, ফৰেষ্টগেট অঞ্চলত সোমবাৰে মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দ্ৰুতবেগী টেংকাৰৰ চেপাত মৃত্যু হয় এজন পথচাৰীৰ। দুৰ্ঘটনা সংঘটিত কৰা টেংকাৰখনৰ নম্বৰ হৈছে AS25FC 2596 ৷ 

জানিব পৰামতে, নিশা প্ৰায় ১২.৩০ বজাত সংঘটিত হৈছিল এই পথ দুৰ্ঘটনাটো ৷ পথচাৰীজনে পথ অতিক্ৰম কৰাৰ সময়তে নাৰেংগীৰ পৰা নুনমাটি দিশে অহা টেংকাৰখনে খুন্দিয়াই থৈ যায় ৷ পিছত গুৰুতৰভাৱে আঘাতপ্রাপ্ত লোকজনক স্থানীয় লোকৰ সহযোগত নুনমাটি যান বাহন আৰক্ষীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ 

বৰ্তমান চিনাক্তকৰণৰ বাবে GMCHৰ মৰ্গত ৰখা হৈছে লোকজনৰ মৃতদেহ। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায় যায় টেংকাৰখনৰ চালকজন ৷ পিচত ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ জব্দ কৰে টেংকাৰ খন। 

লগতে পঢ়ক: যাত্ৰীবাহী বাছত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান , চাৰি সৰবৰাহকাৰীক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.