দেৰগাঁৱৰ দা ধৰাত ভয়ংকৰ পথ দুৰ্ঘটনা: নিহত এক

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 10:54 PM IST

thumbnail

দেৰগাঁও, 25 ডিচেম্বৰ : দেৰগাঁৱৰ দা ধৰা চাৰিআলিত সোমবাৰে সন্ধিয়া এক পথ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাৰ ফলত নিহত হয় এজন লোক । বোকাখাত দিশৰ পৰা যোৰহাটলৈ গৈ থকা এখন চুইফট বাহনৰ সন্মুখত হঠাতে আহি পৰে এখন স্কুটী ৷ চাৰিআলি পাৰ হ’ব খোজা স্কুটী আৰোহীজনক তীব্ৰ জোৰেৰে খুন্দা মাৰে বাহনখনে । খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আহত হয় স্কুটী আৰোহীজন ।

স্কুটীখনক খুন্দা মাৰি ব্ৰেক মৰা চুইফট বাহনখনক আন এখন বাহনে খুন্দা মাৰে পিছফালৰ পৰা । এই পথ দুৰ্ঘটনাত আহত লোকজনক ততাতৈয়াকৈ স্থানীয় ৰাইজে অসমাৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । মৃত লোকজন দেৰগাঁও গন্ধিয়া গাঁৱৰ অচিন্ত্য় কাকতি বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত দেৰগাঁও আৰক্ষী থানাৰ এটা দল উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

লগতে পঢ়ক : বঙাইগাঁৱত দ্ৰুতবেগী বাহনৰ খুন্দাত মৃত্যু গৰ্ভৱতী সোণালী বান্দৰৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.