Road Accident: ৰাজপথত তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত এজন

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 6:05 PM IST

thumbnail

নলবাৰী, 26 ছেপ্টেম্বৰ : নলবাৰী জিলাৰ চান্দাত সোমবাৰে নিশা এক শোকাৱহ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয় । অচিনাক্ত বাহনৰ খুন্দাত দুচকীয়া বাহনৰ আৰোহী এজন থিতাতে নিহত হয়। নিহত লোকজনৰ নাম প্ৰাঞ্জল শৰ্মা বুলি জানিব পৰা গৈছে। 

লোকজনে AS 15 P 8547 নম্বৰৰ এখন দুচকীয়া বাহনত আহি থকা অৱস্থাত এখন অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায়। ফলত দুচকীয়া বাহনৰ আৰোহীজন থিতাতে নিহত হয়। হাজো-দৌলাশাল পথত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো। পৰৱৰ্তী সময়ত মুকালমুৱা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ দুৰ্ঘটনাত নিহত লোকজনৰ ঘৰ ধুবুৰীৰ বিলাসীপাৰাত বুলি জানিব পৰা গৈছে।

 আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন বিচাৰি তদন্ত অব্যাহত ৰাখিছে ৷ 

লগতে পঢ়ক: Robbery in Nagaon: গৃহস্থক অচেতন কৰি প্ৰায় 17 লাখ টকাৰ আ-অলংকাৰ লুট-পাত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.