Robbery in Nagaon: গৃহস্থক অচেতন কৰি প্ৰায় 17 লাখ টকাৰ আ-অলংকাৰ লুট-পাত

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 3:30 PM IST

thumbnail

নগাঁও, 26 ছেপ্টেম্বৰ: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰিছে ডকাইতি আৰু চুৰিৰ ঘটনা ৷ এইবাৰ নগাঁও জিলাৰ নতুন বজাৰত ডকাইতিৰ ঘটনা সংঘটিত হৈছে । মহাবীৰ প্ৰসাদ পোদ্দাৰ নামৰ এগৰাকী ব্যৱসায়ীৰ ঘৰত সোমবাৰে নিশা এক ডকাইতিৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনা পোহৰলৈ অহাৰ পিচতে পৰিয়ালটোৰ লগতে সমগ্ৰ নগাঁও চহৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

গৃহস্থই জানিবলৈ দিয়ামতে মাজনিশা ডকাইতৰ দলটোৱে ঘৰটোত প্ৰৱেশ কৰি গৃহস্থক অচেতন কৰি ঘৰটোত লুট পাত চলাই ৷ ডকাইতৰ দলটোৱে ঘৰটোৰ পৰা ১৫ লাখ টকাৰ সোণ-হীৰাৰ গহণা আৰু নগদ ২ লাখ টকা লুটি লৈ যায় ৷ 

পুৱা গৃহস্থৰ চেতনা ঘূৰি অহাৰ পিচত তেওঁলোকে নগাঁও আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ খবৰ পোৱাৰ পিচতেই ঘটনাৰ তদন্ত কৰিবলৈ মঙলবাৰে পুৱা ঘটনাস্থলীত নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম শইকীয়া উপস্থিত হৈ ঘটনাৰ তদন্ত কৰে ৷ 

লগতে পঢ়ক: Theft incident: চোৰৰ চতুৰালি, কৃষকৰ পৰা তিনি লাখ টকা লৈ পলাবলৈ লওঁতেই ৰাইজৰ ৰোষত চোৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.