Dhemaji Road accident: ধেমাজিত উদণ্ড বাইকাৰ্চৰ খুন্দাত নিহত এজন

By

Published : Jul 14, 2023, 6:41 AM IST

thumbnail

ধেমাজি, 14 জুলাই : ধেমাজিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাতীগড়ত পথ দুৰ্ঘটনা ৷ উদণ্ড বাইকাৰ্চৰ খুন্দাত থিতাতে নিহত এজন ৷ বাইকত অহা দুজন উদণ্ড যুৱকে তীব্ৰ গতিৰে পথাৰৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত এগৰাকী পথচাৰীক খুন্দা মৰাত থিতাতে নিহত হয় এজন লোক ৷ নিহত লোকজন বিপিন দিহিঙীয়া বুলি জানিব পৰা গৈছে ৷  

পৰৱৰ্তী সময়ত উদণ্ড বাইক চালক যুৱকক হাতীগড় ৰাইজে কৰায়ত্ত কৰি লপাথপা দিয়াৰ লগতে ধেমাজি আৰক্ষীক চমজাই দিয়ে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰেও ধেমাজি মৰিধলৰ বৰফুকনত উদণ্ড বাইক চালকৰ খুন্দাত নিহত হৈছিল এজন লোক ৷ আৰক্ষীৰ নাকৰ তলেৰে উদণ্ড বাইক চালকে কেনেদৰে সঘনাই ৰাজপথত দুৰ্ঘটনা সংঘটিত কৰিছে তাকে লৈ এতিয়া সচেতনৰ মহলৰ মাজত সৃষ্টি হৈছে প্ৰশ্নৰ ৷

লগতে পঢ়ক : Cattle smuggling: আৰক্ষীৰ অভিযানত উদ্ধাৰ 70 টাকৈ গৰু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.