Road accident: ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষত যুৱকৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 12:19 PM IST

thumbnail

লখিমপুৰ, ৩১ অক্টোবৰ : লখিমপুৰৰ বগীনদী থানাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলনীচুকত সোমবাৰে নিশা এক পথ দুৰ্ঘটনা সংঘটিত হয় । বাইক আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এজন যুৱক থিতাতে নিহত হয় । নিহত যুৱকজন কলাৰিচুকৰ দেৱেন সোণোৱাল (২৫) বুলি চিনাক্ত কৰা হয়। 

ঘটনাৰ বিৱৰণী মতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলনীচুকত এ এছ ০৭ আৰু ০৬৭২ নম্বৰৰ বাইকখনেৰে বগীনদী দিশৰ পৰা কলাৰিচুকৰ ঘৰলৈ গৈ থকা অৱস্থাত লখিমপুৰ দিশৰ পৰা বগীনদী দিশলৈ আহি থকা এ এছ ০১ জিচি ২৩৬৬ নম্বৰৰ ট্ৰাকখনৰ লগত মুখামুখি সংঘৰ্ষ হয় ।

লগে লগে মৃত যুৱকজনক স্থানীয় ৰাইজ আৰু বগীনদী আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে । পৰৱৰ্তী সময়ত দুৰ্ঘটনা সংঘটিত কৰা চালকসহ ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰি থানালৈ লৈ যায় ৷ 

লগতে পঢ়ক: Cattle theft: গৌৰীসাগৰত বিলাসী বাহনসহ এটা গৰু চোৰ গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.