Road Accident in Nagaon: ৰূপহীহাটত বিজয়া দশমীৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 5:24 PM IST

thumbnail

চামগুৰি, 24 অক্টোবৰ : দুৰ্গাপূজাৰ দশমীৰ দিনটোত ৰাজ্যৰ ভিন্ন স্থানত সংঘটিত হোৱা পৰিলক্ষিত হ’ল পথ দুৰ্ঘটনা ৷ নগাঁৱৰ ৰূপহীহাটৰ আমবাগান মহব্বৰালিতো বিজয়া দশমীৰ দিনটোত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ বিপৰীত দিশৰ পৰা অহা এখন ই-ৰিক্সা আৰু এখন চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাটোৰ ফলত এজন লোক নিহত হয় ৷ মৃত লোকজন দুৰ্ঘটনাগ্ৰস্ত ই-ৰিক্সাখনৰ চালক তপন মণ্ডল বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাত পতিত হোৱা চাৰিচকীয়া বাহনখনৰ নম্বৰ AS 01 FL 9856. উল্লেখ্য যে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ই-ৰিক্সা চালকগৰাকীক মুমূৰ্ষু অৱস্থাত জখলাবন্ধা চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও লোকজনে মৃত্যুক আকোঁৱালি লয় ৷ আনহাতে ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.